আজি বিয়লি পৰিয়ালৰ ১৪গৰাকী সদস্যৰ জানাজাত উপস্থিত থাকিব মাছুদ...

মুম্বাই আক্ৰমণৰ অন্যতম মাষ্টাৰ মাইণ্ড তথা মষ্ট ৱান্টেড সন্ত্ৰাসবাদী মাছুদ আজাহাৰে আজি হুকহুকাই কান্দিছে। ভাৰতৰ অপাৰেচন সিন্দুৰত মাছুদৰ পৰিয়ালৰ ১৪গৰাকীকৈ সদস্য নিহত হোৱাৰ পাছতে মাছুদে প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ পত্ৰ।

author-image
Asomiya Pratidin
New Update
ujujুুু

ডিজিটেল ডেস্কঃ মুম্বাই আক্ৰমণৰ অন্যতম মাষ্টাৰ মাইণ্ড তথা মষ্ট ৱান্টেড সন্ত্ৰাসবাদী মাছুদ আজাহাৰে আজি হুকহুকাই কান্দিছে। ভাৰতৰ অপাৰেচন সিন্দুৰত মাছুদৰ পৰিয়ালৰ ১৪গৰাকীকৈ সদস্য নিহত হোৱাৰ পাছতে মাছুদে প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ পত্ৰ।

এই অভিযোগ পত্ৰত সন্ত্ৰাসবাদী মাছুদে লিখিছে-  "তিনিবছৰ বয়সৰ পৰা সাত বছৰ বয়সৰ ল'ৰা ছোৱালীও এই আক্ৰমণত নিহত হৈছে । এয়া অসুৰৰ দৰে কাণ্ড হৈছে । মোৰ পৰিয়াল শেষ হৈ গ'ল । ময়ো মৰি যোৱাহেঁতেন ভাল আছিল ।"

উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতৰ অপাৰেচন সিন্দুৰৰ আক্ৰমণত মাছুদৰ ভগ্নী, পত্নী, সন্তান আৰু ভাতৃ নিহত হৈছে। ইফালে আজি বিয়লি ৪বজাত পৰিয়ালৰ মৃতকসকলৰ জানাজাত উপস্থিত থাকিব মাছুদ। 

ভাৰত-পাকিস্তান