পঞ্চায়ত সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি মাছখোৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

ধেমাজি জিলাৰ মাছখোৱাৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত আজি সংঘটিত হয় উত্তপ্ত পৰিস্থিতি। পঞ্চায়তৰ সভাপতি নিৰ্বাচন কেন্দ্ৰীক সংঘাতত  দুই ফৈদৰ মাজত হয় প্ৰচণ্ড হতাহতি।

author-image
Asomiya Pratidin
New Update
পঞ্চায়ত সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি মাছখোৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলাৰ মাছখোৱাৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত আজি সংঘটিত হয় উত্তপ্ত পৰিস্থিতি। পঞ্চায়তৰ সভাপতি নিৰ্বাচন কেন্দ্ৰীক সংঘাতত  দুই ফৈদৰ মাজত হয় প্ৰচণ্ড হতাহতি।

Advertisment

উল্লেখযোগ্য যে যোৱা ২৪ জুন তাৰিখে ধেমাজি মাছখোৱাত উন্নয়ন খণ্ডত অন্তৰ্গত চিচিমুখ পঞ্চায়তৰ সভাপতি নিৰ্বাচন কেন্দ্ৰীক সংঘাতে লৈছিল ভয়ংকৰ ৰূপ। সন্মিলিত গণশক্তিৰ গুণ্ডা বাহিনীয়ে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল বিজেপি কৰ্মীক। 

যাৰ বাবে সভাপতি নিৰ্বাচন স্থগিত ৰখা হৈছিল। সোমবাৰে পুনৰ চিচিমুখ আৰু বৰলুং পঞ্চায়ত সভাপতি নিৰ্বাচনৰ দিন ধাৰ্য্য কৰা হৈছিল। সেই মতেই আজি বৰলুং পঞ্চায়তৰ সভাপতি নিৰ্বাচন সম্পূৰ্ণ হৈ যায়৷ 

কিন্তু তাৰ পিছতে চিচিমুখ পঞ্চায়তৰ নিৰ্বাচিত সদস্যসকলক একাংশ উদণ্ড সমৰ্থকে ৱাৰ্ড সদস্য সকলক প্ৰৱেশত বাধা প্ৰদান কৰি উত্তপ্ত পৰিস্থিতিৰ সূচনা কৰে৷পৰিস্থিতি বিষম দেখি মাছখোৱা খণ্ড উন্নয়ন বিষয়াই অবশেষত পুনৰ চিচিমুখ পঞ্চায়ৰ সভাপতি নিৰ্বাচনৰ দিন অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখাৰ নিৰ্দেশ প্ৰদান কৰে।

ইপিনে গণশক্তি সমৰ্থকসকলে গণশক্তি জিন্দাবাদ ধ্বনি দিয়াৰ পৰিলক্ষিতও হয়৷

মাছখোৱা পঞ্চায়ত সভাপতি