/asomiyapratidin/media/media_files/2025/04/30/VPcLhjvI1ecxJkwyAIS9.jpg)
মেৰী কমৰ বিবাহ বিচ্ছেদ
ডিজিটেল ডেস্কঃ ২০২৩ চনৰ ২০ ডিচেম্বৰতে আইনীভাৱে বিবাহ বিচ্ছেদ সম্পন্ন হৈছিল অলিম্পিকৰ পদক বিজয়ী বক্সাৰ মেৰী কম আৰু তেওঁৰ স্বামী কাৰুং অনখোলাৰৰ। মেৰী কমৰ অধিবক্তাই এক আনুষ্ঠানিক বিবৃতিৰ জৰিয়তে নিশ্চিত কৰিলে এই তথ্য। অধিবক্তাগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে, অনখোলাৰৰ সৈতে তেওঁৰ বিচ্ছেদ পাৰস্পৰিক আৰু প্ৰায় দুবছৰ ধৰি চলি আছে।
বিবৃতিটোত লগতে কোৱা হৈছে যে, “মোৰ ক্লায়েণ্টৰ মিষ্টাৰ হিতেশ চৌধুৰীৰ সৈতে সম্পৰ্ক বা আন এজন বক্সাৰৰ স্বামীৰ সৈতে সম্পৰ্ক থকাৰ সন্দৰ্ভত উৰাবাতৰিবোৰ স্পষ্টভাৱে অস্বীকাৰ কৰা হৈছে। কোনো মিডিয়া প্লেটফৰ্মে ইয়াক প্ৰচাৰ কৰা উচিত নহয়” বুলি উল্লেখ কৰে অধিবক্তাই।
মেৰী কমেও ছ’চিয়েল মিডিয়া হেণ্ডেলত আন এজন বক্সাৰৰ স্বামীৰ সৈতে তেওঁৰ বিবাহ বহিৰ্ভূত সম্পৰ্ক বুলি কোৱা উৰাবাতৰিক অস্বীকাৰ কৰে। তেওঁ সংবাদ মাধ্যমক তেওঁৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায়।
অধিবক্তাৰ বিবৃতিটোত লগতে কোৱা হৈছে যে, "সংবাদ মাধ্যমে মেৰী কমৰ গোপনীয়তা আৰু ব্যক্তিগত স্থানক সন্মান কৰাটো অতি প্ৰয়োজনীয়। ইতিমধ্যে মণিপুৰত এখন সংবাদমেল এই সন্দৰ্ভত কৰা হৈছে। এই অনুৰোধসমূহ মানি নচলিলে এই জাননী উলংঘা কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰৰোচনা কৰা হ'ব" বুলিও স্পষ্ট কৰি দিয়ে অধিবক্তাই।