/asomiyapratidin/media/media_files/2025/06/06/U5OgaeAd1UAHmsPUwTas.jpg)
ডিজিটেল ডেস্কঃ ভাৰতত প্ৰায় ৮০শতাংশ লোকৰ পছন্দৰ গাড়ী হৈছে মাৰুতী-ছুজুকিৰ বাহন। শেহতীয়াকৈ এই মাৰুতী-ছুজুকিয়ে গঢ়িলে আন এক অভিলেখ। মাৰুতি চুজুকি ইণ্ডিয়াই বৃহস্পতিবাৰে ঘোষণা কৰে যে ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতীয় ৰে’লৱেৰ জৰিয়তে অভিলেখ সংখ্যক ৫.১৮ লাখ বাহন পৰিবহণ কৰা হৈছে, যিটো এবছৰৰ ভিতৰত সৰ্বাধিক। তেওঁলোকৰ আনুষ্ঠানিক বিবৃতি অনুসৰি ২০১৪-১৫ বিত্তীয় বৰ্ষৰ পৰা প্ৰায় ২৪লক্ষাধিক বাহন ৰেলৰ জৰিয়তে পৰিবহন কৰা হৈছে।
বৰ্তমান এই অটোমোবাইল নিৰ্মাতা কোম্পানীটোৱে ২০টাতকৈও অধিক ৰে’লৱে হাবৰ জৰিয়তে সমগ্ৰ ভাৰতৰ ৬০০ৰো অধিক চহৰত সেৱা আগবঢ়াইছে। পিটিআইৰ মতে, মাৰুতি চুজুকি ইণ্ডিয়াৰ এমডি এণ্ড চিইঅ’ হিছাছি তাকেউচিয়ে কয় যে আমাৰ বাবে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাটো আমাৰ বাবে শীৰ্ষ অগ্ৰাধিকাৰ, আমাৰ সামগ্ৰী আৰু আমাৰ কাৰ্য্যকলাপ দুয়োটাতে। তেওঁ লক্ষ্য কৰে যে ২০১৩ চনত অটোম’বাইল মালবাহী ৰে’ল চলোৱাৰ অনুজ্ঞাপত্ৰ লাভ কৰা প্ৰথমটো ভাৰতীয় কোম্পানী আছিল মাৰুতি চুজুকি।
তেওঁ লগতে কয় যে তেতিয়াৰ পৰাই আমি ৰে’ল মোডৰ জৰিয়তে প্ৰায় ২৪ লাখ বাহন প্ৰেৰণ কৰিছো।২০৩০-৩১ বিত্তীয় বৰ্ষৰ ভিতৰত আমি ৰে’লৱেৰ জৰিয়তে বাহন প্ৰেৰণৰ অংশ ৩৫ শতাংশলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছো। বৰ্তমান কোম্পানীটোৱে ৪০টাতকৈও অধিক ফ্লেক্সি ডেক ৰেক চলাই আছে, প্ৰতিটো ৰেকে প্ৰতি যাত্ৰাত প্ৰায় ৩০০খন বাহন পৰিবহণ কৰিব পাৰে। এই ৰেল পৰিবহণ পদক্ষেপৰ ফলত ১.৮ লাখ টনতকৈ অধিক CO2e (কাৰ্বন ডাই অক্সাইড সমতুল্য) নিৰ্গমন এৰাই চলিছে আৰু ৬৩০ লাখ (৬৩ মিলিয়ন) লিটাৰতকৈ অধিক ইন্ধন সংৰক্ষণ কৰিছে।