Advertisment

মাৰুতি চুজুকিৰ অভিলেখঃ ৩০ লাখ বাহন ৰপ্তানি...

‘মেক ইন ইণ্ডিয়া’পদক্ষেপৰ সৈতে সংগতি ৰাখি মৰুতি চুজুকিয়ে ৰপ্তানি বৃদ্ধিৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ হৈছে। ভাৰতৰ পৰা আমাৰ বাহন ৰপ্তানি ৪ বছৰৰ আগৰ তুলনাত ৩ গুণ বৃদ্ধি পাইছে।

author-image
Asomiya Pratidin
New Update
১

ডিজিটেল ডেস্কঃ  ভাৰতত কাম আৰম্ভ কৰাৰ পাছৰে পৰা ৩০ লাখ বাহন ৰপ্তানি কৰাৰ নতুন অভিলেখ অৰ্জন কৰিছে দেশৰ বৃহৎ গাড়ী কোম্পানী মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেডে। সোমবাৰে কোম্পানীটোৱে এক বিবৃতিযোগে প্ৰকাশ কৰে যে, দেওবাৰে গুজৰাটৰ পিপালাভ বন্দৰৰ পৰা লেৰিয়া, ফ্ৰংক্স, জিমনি, বেলেনো, চিয়াজ, ডিজাইৰ আৰু এছ-প্ৰেছ’ৰ দৰে বাহনৰ ১০৫৩খন ইউনিট চালান দিয়া হয়।

Advertisment

উল্লেখ্য যে, ১৯৮৬ চনত মাৰুতি চুজুকিয়ে ভাৰতৰ পৰা বাহন ৰপ্তানিৰ কাম আৰম্ভ কৰিছিল। ১৯৮৭ চনত প্ৰথমবাৰৰ বাবে ৫০০খন বাহন হাংগেৰীলৈ প্ৰেৰণ কৰিছিল। ২০১২-১৩ বিত্তীয় বৰ্ষত কোম্পানীটোৱে বাহন ৰপ্তানিৰ ক্ষেত্ৰত ১০ লাখ স্পৰ্শ কৰি মাইলৰ খুঁটি স্থাপন কৰিছিল। মাত্ৰ ৩ বছৰৰ ভিতৰত ১০ ৰ পৰা ৩০ লাখ পৰ্যন্ত বাহন ৰপ্তানি কৰি অভিলেখ গঢ়িছে কোম্পানীটোৱে।

এই সন্দৰ্ভত মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেডৰ এমডি এণ্ড চিইঅ’ মিষ্টাৰ হিছাছি তাকেউচিয়ে কয়,৩০ লাখ ইউনিট ৰপ্তানিয়ে ভাৰতৰ অটোমোবাইল নিৰ্মাণৰ উৎকৃষ্টতাক প্ৰতিফলিত কৰে। আমি ৰপ্তানি বৃদ্ধিৰ বাবে অন্য বজাৰৰ সৈতে বাণিজ্যিক চুক্তি ৰূপায়ণৰ বাবে আগ্ৰহী।

তেওঁ লগতে কয় যে, ভাৰত চৰকাৰৰ ফ্লেগশ্বিপ  ‘মেক ইন ইণ্ডিয়া’পদক্ষেপৰ সৈতে সংগতি ৰাখি মৰুতি চুজুকিয়ে ৰপ্তানি বৃদ্ধিৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ হৈছে। ভাৰতৰ পৰা আমাৰ বাহন ৰপ্তানি ৪ বছৰৰ আগৰ তুলনাত ৩ গুণ বৃদ্ধি পাইছে।

উল্লেখ কৰা প্ৰয়োজন যে, চলিত বিত্তীয় বৰ্ষত মাৰুতি চুজুকিয়ে এপ্ৰিলৰ পৰা অক্টোবৰৰ ভিতৰত ১৮১,৪৪৪ ইউনিট ৰপ্তানি কৰিছে, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষৰ একে সময়ছোৱাতকৈ ১৭.৪ শতাংশ বৃদ্ধি পাইছে। বৰ্তমানলৈকে কোম্পানীটোৱে প্ৰায় ১০০খন দেশলৈ ১৭টা মডেল ৰপ্তানি কৰিছে। 


মাৰুতি চুজুকি