/asomiyapratidin/media/media_files/2025/02/20/cvOhXKiZzZvdSLER5ym5.jpg)
ডিজিটেল সংবাদ,শিলচৰঃ বৃহস্পতিবাৰে দুপৰীয়া শিলচৰত দাওদাওকৈ জ্বলি উঠিল এখন মাৰুতি ৮০০ অল্টো বাহন। শিলচৰ তাৰাপুৰ অভাৰ ব্ৰীজৰ ওপৰত বাহন খন জ্বলি উঠাত আতংকিত হৈ পৰে পথটোৰে চলাচল কৰা যানবাহন আৰু পথ যাত্ৰী সকল।
লেলিহান জুয়ে নিমিষতে বাহন খন আগুৰি পেলোৱাৰ ফলত পথটোৰে চলাচল কৰা যান-বাহনৰ চলাচল বন্ধ হৈ পৰে। ইফালে, খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনী। তাৰাপুৰৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ এখন বাহন উপস্থিত হৈ প্ৰায় আধা ঘন্টা চেষ্টা চলাই বাহন খনৰ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। চৰ্ট চাৰ্কিটৰ ফলতে বাহন খনত জুই লগাই বুলি সন্দেহ কৰা হৈছে।
ইফালে, শিলচৰৰ পৰা বদৰপুৰ লৈ গৈ থকা অৱস্থাত হঠাতে বাহন খনৰ ষ্টাৰ্ট বন্ধ হৈ যোৱাত মেকানিক আনিবলৈ গৈছিল বাহন খনৰ গৰাকী বদৰপুৰ সন্তোষ কুমাৰ দাস। মেকানিক লৈ অহাৰ পিছত দেখে যে ইতিমধ্যে বাহন খন জুই লাগি সন্মুখ ভাগ সম্পুৰ্ণ জ্বলি গৈছে। সৌভাগ্যবশত কোনো লোক হতাহত হোৱা নাই।