মুছলপুৰত আক্ৰাছুৰ ছহিদ দিৱস পালন : পশ্চিম বড়িমাখা শাখা সমিতি গঠন

প্ৰতিবছৰে কোচ-ৰাজবংশী ছাত্ৰ সন্থাই ৭ জানুৱাৰীত পালন কৰে ছহিদ দিৱস । বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বাক্সা জিলাৰ মুছলপুৰৰ ওচৰৰ বড়িমাখা হৰি মন্দিৰ প্ৰাংগনতো মঙলবাৰে পালন কৰা হয় ছহিদ দিৱস । 

author-image
Asomiya Pratidin
New Update
মুছলপুৰত আক্ৰাছুৰ ছহিদ দিৱস পালন : পশ্চিম বড়িমাখা শাখা সমিতি গঠন

মুছলপুৰত আক্ৰাছুৰ ছহিদ দিৱস পালন : পশ্চিম বড়িমাখা শাখা সমিতি গঠন

ডিজিটেল সংবাদ, বাক্সা : প্ৰতিবছৰে কোচ-ৰাজবংশী ছাত্ৰ সন্থাই ৭ জানুৱাৰীত পালন কৰে ছহিদ দিৱস । বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বাক্সা জিলাৰ মুছলপুৰৰ ওচৰৰ বড়িমাখা হৰি মন্দিৰ প্ৰাংগনতো মঙলবাৰে পালন কৰা হয় ছহিদ দিৱস । 

ছহিদসকলক সুঁৱৰি উক্ত অনুষ্ঠানতে গঠন কৰা হয় আক্ৰাছুৰ পশ্চিম বড়িমাখা শাখা সমিতি । মনসা আঞ্চলিক কোচ -ৰাজবংশী সন্মিলনীৰ সভাপতি হৰকান্ত ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত বাক্সা জিলা আক্ৰাছুৰ সভাপতি হিতেশ মেধিৰ উপস্থিতিত অনন্ত ৰয়ক সভাপতি আৰু নিৰ্মল দাসক সম্পাদক হিচাপে লৈ ১১ জনীয়া পশ্চিম বড়িমাখা শাখা সমিতিখন গঠন কৰা হয় । 

অনুষ্ঠানত উপস্থিত থাকি বাক্সা জিলা আক্ৰাছুৰ সভাপতি হিতেশ মেধিয়ে কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবী শীঘ্ৰেই মানি ল’বলৈ চৰকাৰক দাবী জনায় ।

baksa district baksa