/asomiyapratidin/media/media_files/2025/05/13/WWnvHAWZ8V2bh7l3jrtO.jpg)
মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত শ্বহীদ দিৱস আৰু ‘পৰাগ স্মৰণ’ অনুষ্ঠান
ডিজিটেল ডেস্ক : মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবাৰো অহা ইং ১৭ মে' ২০২৫ শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে 'মাছ'ৰ শ্বহীদ দিৱস আৰু 'পৰাগ স্মৰণ অনুষ্ঠান'ৰ আয়োজন কৰা হৈছে। উদ্যোক্তাই জনোৱা অনুসৰি ১৭মে’ৰ পুৱা ৭-৪৫ বজাত মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ পতাকা উত্তোলন কৰিব অধ্যক্ষ আদিত্য লহকৰে।
একেদৰে ৮-০০ বজাত শ্বহীদ তৰ্পণ কৰিব মাছৰ সচিব প্ৰধান লক্ষ্মী প্ৰসাদ ডেকাই। উল্লেখযোগ্য যে, এই দুয়োটা কাৰ্যসূচী জ্যোতিনগৰস্থিত মাছৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হ’ব।
অনুষ্ঠানৰ দ্বিতীয় ভাগত পুৱা ৯-৩০ বজাত পৰাগ দাসক হত্যা কৰা স্থান ৰাজগড় ৰোডত অনুষ্ঠিত হ’ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শ্বহীদবেদী প্ৰাংগনত অনুষ্ঠিত হ’ব লগা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰিব শ্বহীদ পৰাগ কুমাৰ দাসৰ পৰিয়ালৰ সদস্যবৃন্দই।
আনহাতে অনুষ্ঠানৰ তৃতীয় ভাগত অনুষ্ঠিত হ’ব পৰাগ স্মৰণ সভা। এই সভাখনি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হ’ব। দিনৰ ১১-০০ বজাত অনুষ্ঠিত হ’ব লগা এই সভাত শ্বহীদ পৰাগ কুমাৰ দাসৰ প্ৰতিকৃতিত মাল্যাৰ্পণ, বন্তি প্ৰজ্জ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন পৰ্বত অংশগ্ৰহণ কৰিব পৰিয়ালবৰ্গৰ লগতে গুণমুগ্ধসকলে।
উল্লেখযোগ্য যে উল্লেখিত কাৰ্যসূচীসমূহ সম্পন্ন হোৱাৰ পাছতে অনুষ্ঠিত হ’ব এক আলোচনা সভা। এই আলোচনাৰ বিষয় হৈছে- জাতীয় স্বাৰ্থত আপোচ বিহীন সাহসী সাংবাদিক শ্বহীদ পৰাগ কুমাৰ দাসক স্মৰণ আৰু সাম্প্ৰতিক মানৱ অধিকাৰ পৰিস্থিতি সম্পৰ্কে আলোচনা।
উক্ত আলোচনাত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব বিশিষ্ট মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ। তাৰোপৰি বিশিষ্ট বক্তা হিচাপে ভাগ ল’ব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক বিজয় বায়ন, বীৰ লাচিত সেনাৰ সভাপতি ৰণ্টু পানী ফুকন, জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সাধাৰণ সম্পাদক ৰাজ কুমাৰ বৈশ্যৰ লগতে কেইবাগৰাকী বুদ্ধিজীৱি, সাংবাদিক তথা বিভিন্ন দল- সংগঠনৰ প্ৰতিনিধিয়ে। সন্ধিয়া ৬-০০ বজাত মাছৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু শ্বহীদবেদীত বন্তি প্ৰজ্জ্বলনেৰে অনুষ্ঠানৰ সামৰণি পৰিব।
উল্লেখযোগ্য যে, উদ্যোক্তাই জনোৱা অনুসৰি ভাৰত- পাকিস্তানৰ যুদ্ধকালিন পৰিস্থিতিৰ বাবে কাৰ্যসূচীৰ সাল- সলনি হ’ব পাৰে।