Advertisment

শিলচৰত লায়ঞ্চ ক্লাৱৰ উদ্যোগত সমূহীয়া বিয়া...

একেখন মঞ্চতে, একেলগে ১৩ যোৰা দৰা- কইনাৰ বিয়া অনুষ্ঠিত হ'ল শিলচৰত। সম্পূৰ্ণ বৈদিক ৰীতি-নীতি, পুৰোহিতৰ মন্ত্ৰোচাৰণ আৰু আয়তীৰ উৰুলি ধ্বনিৰে হোমাগ্নিক সাক্ষী কৰি বিবাহপাশত আৱদ্ধ হ'ল ১৩ যোৰা দৰা-কইনা। 

author-image
Asomiya Pratidin
New Update
শিলচৰত লায়ঞ্চ ক্লাৱৰ উদ্যোগত  বিয়া

শিলচৰত লায়ঞ্চ ক্লাৱৰ উদ্যোগত বিয়া

ডিজিটেল সংবাদ, শিলচৰ : একেখন মঞ্চতে, একেলগে ১৩ যোৰা দৰা- কইনাৰ বিয়া অনুষ্ঠিত হ'ল শিলচৰত। সম্পূৰ্ণ বৈদিক ৰীতি-নীতি, পুৰোহিতৰ মন্ত্ৰোচাৰণ আৰু আয়তীৰ উৰুলি ধ্বনিৰে হোমাগ্নিক সাক্ষী কৰি বিবাহপাশত আৱদ্ধ হ'ল ১৩ যোৰা দৰা-কইনা। 

Advertisment

উল্লেখযোগ্য যে, শিলচৰ লায়ঞ্চ ক্লাৱ চেন্ত্ৰেলৰ উদ্যোগত চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাসহ কাছাৰ জিলাৰ মুঠ ১৩যোৰা দৰা-কইনাৰ‌ বিয়া সম্পন্ন হয়। প্ৰতিবছৰৰ দৰে এইবাৰো আৰ্থিকভাৱে দুৰ্বল তথা বিয়াৰ বাবে উপযুক্ত দুখীয়া ঘৰৰ দৰা-কইনাসকলক বিয়া পাতি দিয়ে শিলচৰ লায়ঞ্চ ক্লাৱে।‌ 

শিলচৰত লায়ঞ্চ ক্লাৱৰ উদ্যোগত  বিয়া
শিলচৰত লায়ঞ্চ ক্লাৱৰ উদ্যোগত বিয়া

 

এই সমূহীয়া বিয়াখনত এইবাৰ কাছাৰ জিলাৰ বিভিন্ন চাহ বাগিচাৰ লগতে প্ৰথম বাৰৰ বাবে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা কৈলাচহৰৰ এজন দৰাইয়ো বিবাহ পাশত আবদ্ধ হয়। হৰেকৃষ্ণ বাউৰী নামৰ যুৱকজনে তুলসী বাউৰী নামৰ কাছাৰ জিলাৰ আয়নাখাল বাগিছাৰ যুৱতী গৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। উল্লেখযোগ্য যে এই ১৩ যোৰা দৰা- কইনাৰ একাংশ প্ৰেমত পৰি আৰু একাংশ পৰিয়ালৰ পচণ্ড মতে বিয়াত বহে। 

ইফালে, আয়োজক লায়ঞ্চ ক্লাৱৰ সমুহীয়া বিয়া প্ৰকল্পৰ অধ্যক্ষ অংশুকুমাৰ ৰয়ে জানিবলৈ দিয়া মতে, প্ৰথমবাৰৰ বাবে ২০০৫ চনত আৰম্ভ কৰা  হৈছিল এই সমূহীয়া বিবাহ প্ৰকল্প। এইবাৰ ২১ বছৰত ভৰি দিলে এই সমূহীয়া বিবাহ প্ৰকল্পই। এই সমূহীয়া বিয়াৰ জৰিয়তে  আৰ্থিকভাৱে দুৰ্বল  মুঠ ৪০৯ যোৰা দৰা-কইনাই দাম্পত্য জীৱন আৰম্ভ কৰিবলৈ সক্ষম হৈছে ।  

সম্পূৰ্ণ বৈদিক ৰীতি-নীতি,পুৰোহিতৰ মন্ত্ৰোচাৰণ আৰু আয়তীৰ উৰুলি ধ্বনিৰ মাজত বিয়া অনুষ্ঠিত কৰা হয়।  বেণ্ড পাৰ্টিৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। 

শিলচৰত লায়ঞ্চ ক্লাৱৰ উদ্যোগত  বিয়া
শিলচৰত লায়ঞ্চ ক্লাৱৰ উদ্যোগত বিয়া

 

সাংস্কৃতিক অনুষ্ঠানত শিলচৰৰ বিশিষ্ট সংগীত শিল্পী বিধান লস্কৰ, মংগলা নাথসহ কেইবাগৰাকী বিশিষ্ট শিল্পীয়ে সংগীত পৰিবেশন কৰি সকলোকে আমোদ দিয়ে। বিয়াৰ পিছত প্ৰতিটো নৱ দম্পতীক  বিছনা পাতিৰ কাপোৰ কানি, বিভিন্ন উপহাৰ আৰু এমাহৰ খাদ্য সামগ্ৰীও যোগান ধৰা হৈছে বুলি সদৰী কৰে অংশুকুমাৰ ৰয়ে। 

ৰাইজৰ ফালৰ পৰাও  নৱ দম্পতী‌সকলক উপহাৰ সামগ্ৰী প্ৰদান কৰা হয় । আনহাতে,সমূহীয়া বিবাহ প্ৰকল্পৰ‌ অধীনত ভবিষ্যতে পাত্ৰ পাত্ৰীৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলিও আশা প্ৰকাশ কৰে আয়োজক লায়ঞ্চ ক্লাৱৰ‌ বিষয়ববীয়াসকলে।

biya