মৰিয়নিৰ চেলেংহাটত আস্থাৰ দিন উদযাপন...

বিশিষ্ট সংগীত শিল্পী অঞ্জু দেৱীলৈ ভাৰতৰত্ন ড° ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা

author-image
Asomiya Pratidin
New Update
মৰিয়নিৰ চেলেংহাটত আস্থাৰ দিন উদযাপন...

সংগীত শিল্পী অঞ্জু দেৱীলৈ ভাৰতৰত্ন ড° ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা

ডিজিটেল সংবাদ মৰিয়নিঃ সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ লগত ভালেমান চিৰযুগমীয়া গীতত কন্ঠ নিগৰোৱা সহযোগী শিল্পী গুৱাহাটীৰ অঞ্জুদেৱীলৈ আগবঢ়োৱা হৈছে ভাৰতৰত্ন, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা।

Advertisment

উল্লেখ্য যে, মৰিয়নিৰ চেলেংহাটৰ অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান উৰ্ উৰ্ উৰ্ উৰ্ অভ্ৰভেদী উৰে সুধাকণ্ঠৰ মৃত্যু দিনটোক আস্থাৰ দিন ৰূপে পালন কৰি অহাৰ লগতে প্ৰতিবছৰে অনুষ্ঠানটোৱে ভূপেন্দ্ৰ সংগীতৰ একনিষ্ঠ সাধক তথা বিশিষ্ট সংগীত শিল্পীক সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা আগবঢ়াই আহিছে।

এইবৰ্ষৰ উক্ত বঁটা লাভ কৰিছে ভূপেন্দ্ৰ সংগীতৰ নিৰলস সাধনা কৰি অহা তথা সুধাকণ্ঠৰ লগত একেলগে কেইবাটাও চিৰযুগমীয়া গীতত কন্ঠ নিগৰোৱা বিশিষ্ট সংগীত শিল্পী তথা সুললিত কন্ঠৰ গৰাকী অঞ্জুদেৱীলৈ।

উল্লেখ্য যে, অঞ্জু দেৱীয়ে বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ সৈতে "বন জুই বনতহে জ্বলে...", "এন্ধাৰ কাটি নিশাতে...", আদিৰ দৰে চিৰসেউজ গীতত সহযোগী শিল্পী হিচাপে কণ্ঠ নিগৰাইছিল। অঞ্জুদেৱীয়ে ড° ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা "বনসংহ"বোলছবিত কণ্ঠ নিগৰোৱা "নিজকে দেখি আজিকালি..." শীৰ্ষক গীতটি ৭০ দশকৰ এটি জনপ্ৰিয় গীত আছিল।

শনিবাৰে সন্ধিয়া চেলেংহাট বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পেক্ষাগৃহত সুধাকন্ঠৰ মৃত্যুৰ দিনটোত উৰ্ উৰ্ উৰ্ উৰ্ অভ্ৰভেদী উৰে আয়োজন কৰা আস্থাৰ দিন শীৰ্ষক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিল্পী গৰাকীক এই বঁটা প্ৰদান কৰে। বিশিষ্ট শিক্ষাবিদ প্ৰয়াত পুনাৰাম গগৈ আৰু জয়দা গগৈ ফাউণ্ডেচনৰ তৰফৰ পৰা আগবঢ়োৱা এই বঁটাত আছে নগদ ধনৰ টোপোলা, এখনি প্ৰশস্তি পত্ৰ, সুধাকণ্ঠৰ স্মাৰক ৰূপৰ তঁৰা খচিত এটি টুপী লগতে এখন চেলেং চাদৰ।

বিশিষ্ট সংগীত শিল্পীগৰাকীক বঁটা প্ৰদান কৰে যোৰহাটস্থ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী তথা যোৰহাট জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি ড° পৰান বৰুৱাই। আস্থাৰ দিনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা "সুন্দৰ সূৰ্য ধিয়াই নতুন দিগন্তলৈ" শীৰ্ষক স্মৃতিগ্ৰন্থ খন উন্মোচন কৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° গীতিমণি হাটীমূৰীয়াই।

পুৱা পৰিৱেশ নিকাকৰণ আৰু 'সেউজী ধৰণী ধুনীয়া' কাৰ্যসূচীৰ পাছত পতাকা উত্তোলন কৰে সামাজিক অনুষ্ঠানটোৰ সভাপতি কাজু গগৈয়ে। সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ পাছত শতগছি বন্তি প্ৰজ্বলন কৰি কালজয়ী গণগীত পৰিৱেশন কৰে স্থানীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে।

পুৱা ১০ বজাৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা, সংগীতেৰে সুধাকণ্ঠক সোঁৱৰণ, ভূপেন্দ্ৰ সংগীত আৰু ভূপেন্দ্ৰ সংগীতত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। আনহাতে নিশালৈ 'সুধাকণ্ঠ সোঁৱৰণী' শীৰ্ষক এক বৰ্ণিল সাংস্কৃতিক সন্ধিয়া' অনুষ্ঠিত হয় বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

jorhat bhupen hazarika mariyani