/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/90d9e38b-2925-46ac-aab0-d450b17a6a62/morigaon_30.jpg)
marigaon
ডিজিটেল ডেস্কঃ অবিভক্ত নগাঁও জিলাৰ পৰা ১৯৮৯ চনৰ ১৪ অক্টোবৰত এখন সুকীয়া জিলা হিচাবে স্বীকৃতি লাভ কৰিছিল মৰিগাঁও জিলাই। বিগত ৩৩ বছৰে স্বকীয় আৰু বৰ্ণিল ইতিহাসেৰে গৌৰৱৰ নিচান উৰুৱাই থকা মৰিগাঁও জিলাৰ সৰ্বদিশৰ গৌৰৱগাঁথা ৰোমন্থনৰ মহান উদ্দেশ্যৰে জিলা প্ৰসাশনৰ উদ্যোগত অহা ১৪ আৰু ১৫ অক্টোবৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাওঁ জিলা দিৱসৰ আয়োজন কৰা হৈছে।
সেই উপলক্ষে জিলা প্ৰশাসনে উক্ত দিন দুটাত সাংস্কৃতিক শোভাযাত্ৰা, থলুৱা খাদ্যমেলা, গ্ৰন্থমেলা,জাতি-জনগোষ্ঠীৰ গীত-মাত সাঙুৰি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ প্ৰস্তুতি চলাইছে। উক্ত অনুষ্ঠানসমূহত জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই সমূহ ৰাইজৰ উপস্থিতি আৰু অংশগ্ৰহণ আশা কৰিছে। এক বিবৃতিৰযোগে উপায়ুক্তগৰাকীয়ে এই কথা প্ৰকাশ কৰিছে।