/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5032a7d4-7ae2-440c-ac02-84997bf6b008/marigaon_sor.jpg)
marigaon
ডিজিটেল ডেস্ক মায়ংঃ মৰিগাঁও জিলাৰ মায়ং থানাৰ আৰক্ষীৰ জালত পৰিছে তিনিটা বাইক চোৰ।চোৰ তিনিটা ভুৰাগাও থানাৰ অন্তৰ্গত দৰঙি গাঁৱৰ বিলাল হুছেইন ,মিকিৰভেটা থানাৰ অন্তৰ্গত ৰহধলাৰ নজৰুল ইছলাম আৰু মায়ঙৰ গৰৈমাৰীৰ মকবুল হুছেইন ।
ধৃত চোৰ তিনিটাক গ্ৰেপ্তাৰ কৰাৰ পিছত দেওবাৰে মৰিগাঁও আদালতত হাজিৰ কৰাই পুনৰ দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত লৈ অনা হয়। আৰক্ষী বিষয়া ৰানা ভূঞাৰ পৰা জানিব পৰা মতে মায়ঙৰ গৰৈমাৰীৰ জমছেদ আলী নামৰ এজন লোকৰ ঘৰৰ পৰা এখন গ্লেমাৰ বাইক কেইদিনমান পূৰ্বে চুৰি হৈছিল।
ঘটনা সন্দৰ্ভত এজাহাৰ পোৱাৰ পিছত আৰক্ষীৰ ফালৰ পৰা অভিযান চলাই অৱশেষত চোৰ তিনিটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ ফালৰ পৰা অধিক তথ্যৰ বাবে চোৰ তিনিটাক জেৰা অব্যাহত ৰাখিছে।