/asomiyapratidin/media/media_files/2025/07/02/282-2025-07-02-18-59-50.jpg)
ডিজিটেল সংবাদ, মৈৰাবাৰী : মৰিগাঁও জিলাৰ নৈ কাষৰীয়া অঞ্চল বৰচাপৰি গাঁৱত ওলাইছে নকল ক'ল্ড ড্ৰিংছ অৰ্থাৎ নকল শীতল পনীয় বনোৱা কোম্পানী। আজিজুৰ ৰহমান নামৰ এজন অসাধু প্ৰকৃতিৰ লোকে মৰিগাঁও জিলা যোগান বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীক মেনেজ কৰি দীৰ্ঘদিন ধৰি বৰচাপৰি গাঁৱত নিজৰ পত্নীৰ নামত চলাই গৈছে নকল শীতল পনীয় প্ৰস্তুত কৰাৰ এটা ইণ্ডষ্ট্ৰী।
পোহৰলৈ অহা খবৰ অনুসৰি আজিজুৰ ৰহমানৰ পত্নীৰ নাম ফর্ণচ নাৰ্গিছ। এই নকল শীতল পনীয় বনোৱা ইণ্ডাষ্ট্ৰীটোৰ পৰা মাজা, স্প্রাইট, মিৰিণ্ডা, কেম্পা, ষ্ট্ৰিং আদি বিভিন্ন ব্ৰেণ্ডৰ ক'ল্ড ড্ৰিংছ (শীতল পনীয়) মৈৰাবাৰী, লাহৰীঘাট, ভূৰাগাৱকে আদি কৰি বিভিন্ন অঞ্চলসমূহৰ বজাৰ অথবা পাৰ্শ্বৱৰ্তী এলেকাৰ দোকান সমূহত যোগান ধৰা হয়।
এই শীতল পনীয়ৰ বটলসমূহ দেখাত একেই। কেৱল বটলৰ ওপৰত লগোৱা ষ্টিকাৰসমূহৰ নামৰ কোনোবা এটা আখৰতহে অমিল আছে । সাধাৰণ মানুহতো বাদেই, খোদ শিক্ষিত মানুহেও দেখাত ধৰিব নোৱাৰে এই সমূহ নকল শীতল পনীয়।
মঙ্গলবাৰে আবেলিৰ ভাগত লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষক ড° দিগন্ত বৰুৱাই ভেলৌগুৰী আৰক্ষীৰ এটা সজাতি দল লগত লৈ মৈৰাবাৰী বজাৰৰ পৰা মাত্ৰ ২ কি: মি: নিলগত থকা এই নকল শীতল পনীয় বনোৱা ইণ্ডাষ্ট্ৰীটোত আকস্মিক পৰিদৰ্শন কৰি এই সমূহ অনিয়ম ধৰা পেলায়। কোনো ধৰণৰ লেবৰেটোৰী নথকা, পনীয় সমূহ পেকেটিং কৰাৰ সময়ত ব্যৱহাৰ কৰা কেমিকেল সমূহৰ কোনো বৈধতা নথকা আৰু সম্পূৰ্ণ এক অস্বাস্থ্যকৰ পৰিবেশত পনীয়ৰ বটল সমূহ পেকিং কৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষী বিষয়া ড° দিগন্ত বৰুৱাই গভীৰ উদ্বেগ প্ৰকাশ কৰে।
বিভিন্ন কোম্পানীৰ ব্ৰেণ্ডসমূহ নকল কৰি জনসাধাৰণৰ জীৱনক লৈ হেতালি খেলা এই সকল অসাধু লোকক কোনো পধ্যেই ৰেহাই দিয়া নহ'ব বুলিও ড° বৰুৱাই জানিবলৈ দিয়ে। আৰক্ষীৰ অভিযানকাৰী দলটোৱে ইণ্ডাষ্ট্ৰীটোৰ বহু সামগ্ৰী জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।
এতিয়া প্ৰশ্ন হয়, কাৰ আশীৰ্বাদত এইজন আজিজুৰ ৰহমানে এইধৰণৰ নকল শীতল পানীয় দীৰ্ঘদিন ধৰি এক জনবহুল এলেকাত চলাই যাবলৈ সক্ষম হ'ল সেয়া এক নুবুজা সাঁথৰ।