/asomiyapratidin/media/media_files/2025/01/23/VfEJ3TSsVhhLIKcIsvMF.jpg)
মাৰ্ঘেৰিটা মহাবিদ্যালয় গ্ৰন্থমেলা-২০২৫ আৰম্ভ
ডিজিটেল সংবাদ, মাৰ্ঘেৰিটা : বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰ আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত অনুষ্ঠিত হৈছে মাৰ্ঘেৰিটা মহাবিদ্যালয় গ্ৰন্থমেলা-২০২৫। পুৱা ৯-৩০ বজাত মহাবিদ্যালয় পতাকা উত্তোলনেৰে এই গ্ৰন্থমেলা আৰম্ভ কৰা হয়।
ইয়াৰ পাছতে স্মৃতি তৰ্পণ কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° গৌতম পুৰকায়স্থই। পুৱা ১০ বজাৰ পৰা আয়োজিত উদ্বোধনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড° মদন শৰ্মাই অংশগ্ৰহণ কৰি গ্ৰন্থমেলাখন আনুষ্ঠানিকভাৱে মুকলি কৰে।
ড° শৰ্মাই দেশ- বিদেশৰ মহৎ গ্ৰন্থৰ প্ৰসংগৰে কিতাপ পঢ়াৰ আনন্দ সম্পৰ্কে সাৱলীল ভাষণ প্ৰদান কৰে। অনুষ্ঠানত ডিগবৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপ শইকীয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ এই আয়োজনৰ শলাগ লয়।
মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অতনু কাকতিয়ে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ শৈক্ষিক কৰ্মসূচীবোৰৰ মাজৰ এক পদক্ষেপ হিচাপে গ্ৰন্থমেলাখনে ছাত্ৰসমাজৰ উত্তৰণ পথ প্ৰশস্ত কৰিব বুলি আশা প্ৰকাশ কৰে। মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি তথা শৈক্ষিক সমন্বয়ক যোগেন বড়া প্ৰমুখ্যে অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় বহু গণ্য- মান্য ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানতে বৰ্ণালী বৰঠাকুৰৰ গীতৰ পুথি " গুণ গুণ গানে গানে" উন্মোচন কৰে ড° মদন শৰ্মাই।
ড° ৰমেন হাজৰিকাই আঁতধৰা এই অনুষ্ঠানৰ শেষত শলাগ জ্ঞাপন কৰে ড° ৰুণজুন শইকীয়াই। এই গ্ৰন্ত্ৰমেলাত শিৱা, বুনিয়াদ, বিদ্যা মন্দিৰ, অশোক, মহাবীৰ আদি প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে। গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি সাহিত্য সাংস্কৃতিক বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত হ'ব বুলি উদ্যোগতাই জনাইছে।