পৃথিৱী নহয়, এইবাৰ ভূমিকম্পই জোকাৰি গ’ল মংগল গ্ৰহ…

পৃথিৱী নহয়, এইবাৰ ভূমিকম্পই জোকাৰি গ’ল মংগল গ্ৰহ…

author-image
asomiyapratidin
New Update
পৃথিৱী নহয়, এইবাৰ ভূমিকম্পই জোকাৰি গ’ল মংগল গ্ৰহ…

ডিজিটেল ডেস্কঃ নাছাই পঠিওৱা ৰব'টিক লেণ্ডাৰ 'ইনছাইট'-য়ে প্ৰথমবাৰৰ বাবে দাখিল কৰিছে মংগল গ্ৰহত সম্ভৱত ভূমিকম্পৰ তথ্য। নাছাই জানিবলৈ দিয়ে এই কথা। 'ইনছাইট'ৰ ভূমিকম্প জোখা যন্ত্ৰ 'ছাইস্মিক এক্সপেৰিমেন্ট ফ'ৰ ইণ্টিৰিয়ৰ ষ্টুক্সৰ' চমুকৈ এছইআইএছে ৬ এপ্ৰিলত গ্ৰহটোত এক মৃদু ভূমিকম্পৰ সংকেতৰ বিষয়া জানিবলৈ দিয়ে। জানিব পৰা মতে, ৬ এপ্ৰিল তাৰিখে 'ইনছাইট'ৰ ১২৮ সংখ্যক দিন আছিল মংগল গ্ৰহত।

Advertisment

নাছাই জনোৱা মতে, সম্ভৱত গ্ৰহটোৰ ভিতৰ অংশৰ পৰা এই ভূমিকম্পৰ সংকেত প্রথমবাৰৰ বাবে লাভ কৰা হৈছে। ইয়াৰ পূৰ্বে গ্ৰহটোৰ ভূপৃষ্ঠত বায়ুৰ দৰে কাৰকৰ বাবেহে ভূমিকম্পৰ সংকেত লাভ কৰা হৈছিল। অৱশ্যে ইনছাইটে লাভ কৰা ভূমিকম্পৰ সংকেতৰ ওপৰত বিজ্ঞানীসকলে এতিয়াও গৱেষণা চলায় আছে।