/asomiyapratidin/media/media_files/2025/04/13/lwfGezeqyGDvQuNtpiG4.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : নিচামুক্ত সমাজ, বেটী পঢ়াও, বেটী বাচাও, পথ সুৰক্ষাকে ধৰি কেবাটাও বিষয়ৰ ওপৰত জনসাধাৰণক সজাগ কৰি তোলাৰ উদ্যেশ্যে ধুবুৰীত মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে ধুবুৰী মাৰাথন ২০২৫ সাংগঠনিক কমিটীৰ ফালৰ পৰা ধুবুৰীত দ্বিতীয়বাৰৰ বাবে অহা ২৭ এপ্ৰিলত ধুবুৰী মাৰাথন -২০২৫ শীৰ্ষক দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
ধুবুৰী মাৰাথন ২০২৫ আয়োজক কমিটীৰ উদ্যোগত দেওবাৰে বিয়লি ৩-০০ বজাত ধুবুৰী ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত ধুবুৰী জিলাৰ অতিৰিক্ত আয়ুক্ত বণ্টি তালুকদাৰে সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে, ধুবুৰীত অনুষ্ঠিত হ'ব লগা উক্ত মাৰাথন দৌৰ প্ৰতিযোগিতা ৪ টা পৰ্যায়ত অনুষ্ঠিত হ'ব। ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ পৰা আৰম্ভ হ'ব লগা এই মাৰাথন দৌৰ প্ৰতিযোগিতা ৫ কিল'মিটাৰ, ১০ কিল'মিটাৰ আৰু ২১ কিল'মিটাৰ আৰু ৪২ কিল' মিটাৰ লৈকে হ'ব বুলি জানিবলৈ দিয়ে।
ধুবুৰী জিলাৰ উপৰিও দেশল বিভিন্ন ৰাজ্যৰ পৰা প্ৰায় ৮০০ ৰ পৰা ৯০০ প্ৰতিযোগীয়ে এই মাৰাথন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। লগতে বিজয়ী প্ৰতিযোগীসকলৰ বাবে আকৰ্ষণীয় বঁটা প্ৰদানৰো ব্যৱস্থা কৰিছে ধুবুৰী মাৰাথন-২০২৫ ৰ আয়োজক কমিটীয়ে।
অহা ২৭ এপ্ৰিলত অনুষ্ঠিত হ'ব লগা উক্ত মাৰাথন-২০২৫ ৰ দৌৰ প্ৰতিযোগিতাৰ বাবে ধুবুৰী জিলা প্ৰশাসন, ধুবুৰী জিলা পৰিবহন বিভাগ, ধুবুৰী ক্ৰীড়া বিভাগ কে ধৰি বিভিন্ন চৰকাৰী বিভাগে এইক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়াইছে বুলি আয়োজক কমিটীয়ে জানিবলৈ দিয়ে। আজিৰ সংবাদ মেলখনত ধুবুৰী জিলাৰ অতিৰিক্ত আয়ুক্ত বণ্টি তালুকদাৰৰ উপৰি ধুবুৰী মাৰাথন-২০২৫ ৰ আয়োজক কমিটীৰ সাংগঠনিক সম্পাদক তথা ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ৰ অধ্যাপক ডা: দীনা ৰাজা, কোষাধ্যক্ষ বিশ্বজিৎ কলিতাইও বক্তব্য দাঙি ধৰে।