ডিজিটেল সংবাদ, গুৱাহাটী : “ৰাজ্যৰ সাংস্কৃতিক প্ৰাচুৰ্যতাক সংৰক্ষণেৰে সম্ভাৱনালৈ ৰূপান্তৰৰ ই এক প্ৰচেষ্টা।” এইদৰে মন্তব্য কৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই। উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰতিটো নৃগোষ্ঠীৰ কলা-সংস্কৃতিৰ সমলসমূহৰ মানচিত্র প্ৰস্তুত কৰাৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে ৰূপায়ণ কৰিবলৈ লৈছে এক প্ৰকল্প।
এই প্ৰকল্পটো বাস্তৱায়িত কৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ১২খন বিশ্ববিদ্যালয়ৰে বুজাবুজিৰ চুক্তি সম্পাদন অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যেগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়া।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ভাষাতত্ত্ববিদ ড০বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত আয়োজিত উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি মন্ত্ৰী বড়াই আজিৰ দিনটো অসমৰ সাংস্কৃতিক ইতিহাসৰ এক উল্লেখযোগ্য দিন বুলি অভিহিত কৰে। ৰাজ্যৰ ১২খনকৈ বিশ্ববিদ্যালয়ে অসমৰ জাতি জনগোষ্ঠীসমূহৰ কলা-সংস্কৃতিৰ এখন মানচিত্ৰ প্ৰস্তুতিৰ কাম কৰিব বুলি তেওঁ মন্তব্য কৰে।
লগতে ই আমাৰ নৃগোষ্ঠীয় লোকসকলৰ পৰম্পৰা, ৰীতি-নীতি আদি অনাগত দিনলৈ কঢ়িয়াই নিয়াত সহায় কৰিব বুলিও মন্ত্ৰী বড়াই ভাষণত কয়। শেহতীয়াভাৱে ৰাজ্যৰ বাহিৰত মুগাৰ মেখেলা- চাদৰৰ চাহিদা বৃদ্ধি পোৱা বুলি শুৱালকুছিৰ এগৰাকী বস্ত্ৰ ব্যৱসায়ীয়ে জনোৱাৰ কথা উল্লেখ কৰি সাংস্কৃতিক মন্ত্রীগৰাকীয়ে বিশ্ব অভিলেখ সৃষ্টিকাৰী বিহুনাচ সমগ্ৰ পৃথিৱীয়ে প্ৰত্যক্ষ কৰাৰ পাছত এনেকুৱা হোৱা বুলি প্ৰসংগক্ৰমে মত ব্যক্ত কৰে।
উল্লেখযোগ্য যে সাংস্কৃতিক মন্ত্রী বড়াৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তি সম্পাদনৰ পূৰ্বে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে ৰাজ্যৰ জনগোষ্ঠীসমূহৰ কলা-সংস্কৃতিৰ মানচিত্ৰণৰ উদ্দেশ্য সন্দৰ্ভত বাখ্যা আগবঢ়ায়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তীয়ে উপযুক্ত সংৰক্ষণৰ অভাৱত প্ৰকৃতি যিদৰে নাইকিয়া হৈ গৈছে, আমি যদি এতিয়াই ব্যৱস্হা নলও তেতিয়া আমাৰ কলা-সংস্কৃতিও এদিন হেৰাই যাব বুলি কয়। কলাক্ষেত্ৰ সমাজৰ উপ সভাপতি জিতুল সণোৱালেও অনুষ্ঠানত শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে।
উল্লেখ কৰা প্ৰয়োজন যে অসমৰ বিভিন্ন জাতি- জনগোষ্ঠীসমূহৰ পৰম্পৰাগত ঐতিহ্য, ৰীতি- নীতিসমূহৰ নিখুত তথ্য লিখিত তথা দৃশ্য- শ্ৰব্য মাধ্যমত সংৰক্ষণৰ জৰিয়তে এক তথ্য ভাণ্ডাৰ প্ৰস্তুত কৰি ভবিষ্যতলৈ সংৰক্ষণ কৰাৰ বাবে অসমত বসবাস কৰা নৃগোষ্ঠীয় জনগোষ্ঠীসমূহৰ কলা-সংস্কৃতিৰ মানচিত্ৰ প্ৰস্তুতিৰ প্ৰকল্প হাতত লোৱা হৈছে।
উক্ত অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি হেমন্ত কুমাৰ নাথ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱাল, তেজপুৰ বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক অধ্যাপক কৈলাশ চন্দ্র বিশ্বাল, অসম বিশ্ববিদ্যালয়, শিলচৰৰ হৈ অধ্যাপক পিযুষ পাণ্ডে, কটন বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক ড০ অৰিন্দম গাৰ্গে চুক্তিত স্বাক্ষৰ কৰে।
একেদৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক ড০ এছ বসুমতাৰী, 'শ্ৰী শ্ৰী মাধৱদেৱ বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক অধ্যাপক ক্ষীৰপদ দত্ত, অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ হৈ ডিন অধ্যাপক উৎপল দত্ত, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক ড০ বিচিত্ৰ বিকাশ, ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক ড০ দিগন্ত মুঞ্চী আৰু প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ হৈ বিশ্ববিদ্যালয়খনৰ উপাচার্য ড০ স্মৃতি কুমাৰ সিংহই কলা-সংস্কৃতিৰ মানচিত্ৰণ প্ৰকল্প ৰূপায়ণ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সৈতে আজি বুজা বুজিৰ চুক্তি স্বাক্ষৰ কৰে।
আনহাতে কলাক্ষেত্ৰ সমাজৰ হৈ চুক্তিত স্বাক্ষৰ কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে। উল্লেখ্য যে মাজুলীৰ সাংস্কৃতি বিশ্ববিদ্যালয়ে পৰৱৰ্ত্তী সময়ত এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব।