ডিজিটেল সংবাদ,কামপুৰঃ ৰাজ্যৰ বিদ্যালয়সমূহত আৰম্ভ হৈছে গুণোৎসৱ।ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক গুণগত মানদণ্ড নিৰূপনৰ বাবে প্ৰতিবছৰে ৰাজ্যৰ শিক্ষাবিভাগে ৰাজহুৱা শিক্ষাখণ্ডত অনুষ্ঠিত কৰে গুণোৎসৱ। ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক মানদণ্ড নিৰূপন কৰিব পাৰিছে জানো গুণোৎসৱে । শৈক্ষিকমহলত এই প্ৰশ্নই উদয় হৈছে।
উল্লেখ্য যে চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশ আৰু বিদ্যালয়ৰ আন্তঃগাঠনি উন্নয়নৰ বাবে বহু অভিলাষী আঁচনি লৈছে যদিও বিদ্যালয়সমূহত শিক্ষকৰ অভাৱে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলে প্ৰকৃত শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ কৰিছে শিক্ষক সকলেই। নগাঁও জিলাৰ কঠীয়াতলী শিক্ষাখণ্ডত ভয়াবহ ৰূপ ধাৰন কৰিছে শিক্ষকৰ সমস্যাই । শিক্ষাখণ্ডটোৰ ৩০ টা মণ্ডল সমল কেন্দ্ৰৰ ভিতৰত ১৬ টা সমলকেন্দ্ৰৰ প্ৰায় দুই শতাধিক বিদ্যালয়তে শিক্ষকৰ অভাৱ ।
এই বিদ্যালয়সমূহত দুই-তিনি শতাধিক ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে দুজন অথবা তিনিজন শিক্ষকৰে পাঠদান চলি থকাত ব্যাপক সমস্যাত পৰিছে শিক্ষকৰ লগতে বিদ্যালয় কৰ্তৃপক্ষ। চাৰিখন বিদ্যালয়ত বৰ্তমানেও এজনীয়া শিক্ষকৰে পাঠদান চলি আছে। ইফালে বিদ্যালয়ৰ প্ৰধান শিক্ষক সকল মধ্যাহ্ন ভোজনকে ধৰি বিদ্যালয়লৰ অন্যকৰ্মসূচীত জড়িত থাকিব লগীয়া হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ পৰা বিৰত থাকিব লগীয়া হৈছে।
কঠীয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত কচুৱাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয় আৰু দক্ষিণ জৰবাগান প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ বৰ্তমানে শিক্ষকৰ অভাৱ। কচুৱাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত ৩২৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে চাৰিজন শিক্ষকৰে পাঠদান চলাৰ সমান্তৰালকৈ দক্ষিণ জৰবাগান প্ৰাথমিক বিদ্যালয়ত দুজন চৰকাৰী শিক্ষক আৰু দুজন টিউটৰ শিক্ষকৰ দ্বাৰা ২৮১ জন ছাত্ৰ-ছাত্ৰীক শিক্ষাদান দিয়া হৈছে ।
এই দুয়োখন বিদ্যালয়লৰ দৰে কঠীয়াতলী শিক্ষাখণ্ডত বহু বিদ্যালয় চলি আছে শিক্ষকৰ অভাৱত । প্ৰতিদিনে প্ৰকৃত শিক্ষাৰ বঞ্চিত হয়।