ডিজিটেল সংবাদ, হাওৰাঘাটঃ পশ্চিম কাৰ্বি আংলঙৰ জেষ্ঠ সাংবাদিক বিদ্যাছিং ছেনাৰ দীৰ্ঘদিনে আক্ৰান্ত হৈ আছে গুৰুতৰ ৰোগত । সংবাদসেৱাৰ মাধ্যমেৰে বহু উল্লেখযোগ্য সামাজিক কাম সম্পন্ন কৰাৰ লগতে সুস্থ অৱস্থাত বহুজনকে বিভিন্ন ধৰণে সহায় কৰিছিল সংবাদকৰ্মীগৰাকীয়ে ।
মানৱ-সেৱাৰ কামত কোনো দিনে পিছ হুহুকি নহা এগৰাকী সৎ, সাহসী, জেষ্ঠ সাংবাদিক বিদ্যাছিং ছেনাৰ (৫৮) দীর্ঘ দিন ধৰি গুৰুতৰভাবে অসুস্থ হৈ আছে । ধনৰ অভাৱত তেওঁ নিজৰ অতি প্রয়োজনীয় চিকিৎসা কৰাব পৰা নাই, আনকি প্রয়োজনীয় দৰৱ-পাতি কিনিবলৈকো অসমৰ্থ ব্যক্তিগৰাকী ।
তেওঁ সুস্থ হৈ থকা অৱস্থাত অলেখ মানুহক নিজৰ টকা-পইচাৰে সহায় কৰিছে। বহু ৰোগীক নিজৰ খৰচত বাহিৰলৈ নি চিকিৎসা কৰাইছে, বহু যুৱক-যুৱতীক কৰ্ম-সংস্থাপনৰ পথ দেখুৱাৰ লগতে বহু ৰাজহুৱা সমস্যা সমাধানৰ বাবে নিজৰ সময় আৰু ধন খৰচ কৰিছে।
অথচ আজি তেখেতৰ জীৱন-মৰণৰ সমস্যাৰ সময়ত কোনো সমর্থবান লোকে তেওঁৰ চিকিৎসাৰ বাবে সামান্য সহায় আগবঢ়াবলৈ আগবাঢ়ি অহা নাই বুলি সংবাদ মাধ্যমৰ জৰিয়তে সম্প্ৰচাৰ কৰাৰ পিছত অৱশেষত তেওঁৰ কিছু শুভাকাংক্ষী লোকে তেওঁৰ অনুৰোধৰ প্ৰতি সহাৰি জনাই কিছু আৰ্থিক সাহায্য প্ৰদান কৰা পৰিলক্ষিত হৈছে ।
জেষ্ঠ সাংবাদিক বিদ্যাছিং ছেনাৰৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়োৱা সকলৰ ভিতৰত হৈছে ক্ৰমে ৰবীন টেৰণ ৫০০ টকা, ৰূবলীন টকবিপী ১০০০ টকা, বাছাপি টকবিপী ৫০০ টকা, মইনা ছেনাৰপী ৫০০ টকা, আৰলি ছেনাৰপী ১০০০ টকা, জুলি ইংতিপী ২০০ টকা, খৰছিং বে' ২০,০০০ টকা, চন্দন পাটৰ ১০,০০০ টকা, ৰবিনচন টেৰণ ৬,০০০ টকা, পাটৰ ছেনাৰ ৪,০০০ টকা, প্ৰমোদ নাথ ২,০০০ টকা, কাশীনাথ ভট্ট ৩,০০০ টকা, টেংৰালাংছ' প্ৰাথমিক বিদ্যালয় ৩,০০০ টকা, ৰংজাংফাং প্ৰাথমিক বিদ্যালয় ৫,০০০ টকা আৰু অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তৰ পুত্ৰ চন্দময় মহন্তই ১,০০০ টকা প্ৰদান কৰে ।
এনে এগৰাকী সমাজ-দৰদী মহৎ হৃদয়ৰ ব্যক্তিৰ এনে বিপদৰ মুহূৰ্তত বহু শুভাকাংক্ষী ব্যক্তিয়ে তেখেতৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে যদিও সাংবাদিকগৰাকীৰ অসুখ গুৰুতৰ হোৱা বাবে পৰ্যাপ্ত হোৱা নাই ধন । সেয়ে তেখেতৰ অসহায় পৰিয়ালে ছেনাৰৰ উন্নত চিকিৎসাৰ বাবে ৰাইজৰ পৰা আৰু অধিক সহায় তথা আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ আহ্বান জনাইছে ।
ধনৰ অভাৱত মাটি বন্ধকত দিব লগীয়া হোৱাৰ লগতে ল'ৰা-ছোৱালী পঢ়োৱাৰ ক্ষেত্ৰতটো অন্তৰায় হৈ পৰিছে । বৈঠালাংছ' প্ৰেছ ক্লাৱৰ উপসভাপতিগৰাকী তিনি মাহৰ পৰা গুৰুতৰভাৱে অসুস্থ হোৱাৰ লগতে চৰকাৰী সাহায্যৰ পৰাও বঞ্চিত হৈ আছে। এই ক্ষেত্ৰত স্থানীয় বিধায়ক ৰূপছিং টেৰণক কিছু সহায়ৰ কথা কোৱা হৈছিল যদিও বিধায়ক গৰাকীয়ে কথা দি আজি পৰ্যন্ত কোনো সহাৰি জনোৱা নাই বুলি জানিবলৈ দিয়ে।
সৎ, সাহসী, জেষ্ঠ সংবাদকর্মীগৰাকীক সহায় কৰিবলৈ তলত দিয়া ঠিকনাত যোগাযোগ কৰিবলৈ আহ্বান কৰিছে পৰিয়ালৰ লোকে ।
সংবাদকর্মীগৰাকীৰ ঠিকনা: বিদ্যাছিং ছেনাৰ, টেংৰালাংছ' টকবি গাঁও, ডাকঘৰ-ৰজাগাঁও, পশ্চিম কাৰ্বি আংলং, অসম। ফোন: ৯৪৭৬৯ ৭২৫৭৭। বেংক একাউন্ট নম্বৰ 11860595 5188, আই এফ এছ চি ক'ড SBIN0007229 । গুগল পে’ (G/Pay): 9476972577