Advertisment

কোকৰাঝাৰৰ জয়পুৰত চোৰৰ চাফাই অভিযান, নগদ ধনসহ লুটিলে বহু সামগ্ৰী..

ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে বুধবাৰে নিশা অৰ্থাৎ নৱবৰ্ষৰ নিশা ঘৰৰ গ্ৰীল আৰু তলা ভাঙি প্ৰৱেশ কৰি আ-অলংকাৰ আৰু নগদ ধন ৩০ হাজাৰ টকা লৈ উধাও হয় ৷ চোৰে ঘৰৰ সমস্ত বয়বস্তু লণ্ডভণ্ড কৰাৰ লগতে আলমাৰীৰ তলা ভাঙি বহু মূল্যৱান সামগ্ৰী লুটি নিয়ে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ  নৱবৰ্ষৰ প্ৰথম দিনটোতে কোকৰাঝাৰত চোৰে চলালে চাফাই অভিযান । নৱবৰ্ষৰ আনন্দ উলাহৰ মাজতে কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ সহকাৰী প্ৰৱক্তা তথা কোকৰাঝাৰ সদৰ চহৰৰ নিকটৰ জয়পুৰৰ বাসিন্দা জুলফিকৰ আলি তালুকদাৰৰ ঘৰত চোৰে চাফাই অভিযান চলাই নগদ ধন -সোণ, আ-অলংকৰ লুটি নিয়ে।

Advertisment

ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে বুধবাৰে নিশা অৰ্থাৎ নৱবৰ্ষৰ নিশা ঘৰৰ গ্ৰীল আৰু তলা ভাঙি প্ৰৱেশ কৰি আ-অলংকাৰ আৰু নগদ ধন ৩০ হাজাৰ টকা লৈ উধাও হয় ৷ চোৰে ঘৰৰ সমস্ত বয়বস্তু লণ্ডভণ্ড কৰাৰ লগতে আলমাৰীৰ তলা ভাঙি বহু মূল্যৱান সামগ্ৰী লুটি নিয়ে ।

উল্লেখ্য যে প্ৰৱক্তা জুলফিকৰ আলি তালুকদাৰে বুধবাৰে পৰিয়ালৰ সৈতে শ্ৰীৰামপুৰৰ শিমুলটাপুত থকা গাঁৱৰ ঘৰলৈ গৈছিল আৰু নিশাটো তাতেই আছিল ৷ প্ৰতিবেশীয়ে আজি ৰাতিপুৱা তেওঁলোকৰ ঘৰৰ গ্ৰীলৰ তলা ভাঙি থকা দেখি জুলফিকৰ আলি তালুকদাৰক খবৰ দিয়ে। প্ৰতিবেশীৰ খবৰৰ ভিত্তিত শ্ৰীৰামপুৰৰ শিমুলটাপুৰ পৰা কোকৰাঝাৰৰ নিজ ঘৰত উধাতু খাই উপস্থিত হোৱাৰ পিছতে তেওঁৰ ঘৰত চোৰ হোৱা ঘটনাৰ বিষয়ে জুলফিকৰ আলি তালুকদাৰ অৱগত হয় আৰু আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে। 

ঘটনাস্থলীত আৰক্ষী আৰু ফৰেনছিকৰ দল উপস্থিত হৈ পৰীক্ষা- নিৰীক্ষা কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ্য যে কিছুমাহৰ পৰা কোকৰাঝাৰ সদৰ চহৰৰ লগতে সদৰ চহৰৰ কাষৰীয়া অঞ্চলসমুহত চোৰৰ টিঘলঘিলনি বাঢ়িছে আৰু এইক্ষেত্ৰত আৰক্ষীৰ পেট্ৰলিং ব্যৱস্থা অধিক কাৰ্যক্ষম কৰি তুলিবলৈ সচেতন ৰাইজে দাবী উত্থাপন কৰিছে ।

কোকৰাঝাৰ চুৰিকাণ্ড