/asomiyapratidin/media/media_files/2024/11/24/fUkCw8xSW1lassjqSsiq.jpg)
ডিজিটেল ডেস্কঃ অসম আৰু অসমীয়াৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ উৎস, সাহসৰ প্ৰতীক আৰু গৌৰৱ বীৰ লাচিত বৰফুকনৰ আজি ৪০২সংখ্যক জন্মজয়ন্তী। মহাবীৰগৰাকীৰ সোঁৱৰণৰ আজি ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্ত উদযাপিত হৈছে লাচিত দিৱস। প্ৰতিবছৰৰ দৰে এইবেলিও গাম্ভীৰ্যপূৰ্ণ তথা দিনজোৰা কাৰ্যসূচীৰে লাচিত সংঘইও উদযাপন কৰে লাচিত দিৱস।
বন্তি প্ৰজ্বলন আৰু লাচিতৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে আৰম্ভ হয় লাচিত সংঘৰ লাচিত দিৱসৰ কাৰ্যসূচী। ইয়াৰ পিছতে লাচিত প্ৰতিমূৰ্তিৰ সন্মুখত সকলোৱে পৰিৱেশন কৰে জাতীয় সংগীত। এই কাৰ্যসূচীৰ পিছতে আৰম্ভ হয় মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান।
এইবেলি লাচিত সংঘই দুগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে। পদ্মশ্ৰী সন্মান প্ৰাপক, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখক অৰূপ কুমাৰ দত্ত আৰু কৃতী সেনা বিষয়া , বিশিষ্ট লেখক ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰক লাচিত দিৱসৰ দিনটোত বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে লাচিত সংঘই।
অনুষ্ঠানটোত অৰূপ কুমাৰ দত্তই নিজা ভাষণত অসম, অসমীয়া আৰু লাচিত বৰফুকনক তেওঁ লেখনিৰ মাধ্যমৰে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় স্তৰত তুলি ধৰিবলৈ গ্ৰহণ কৰা প্ৰয়াসৰ কথা সদৰি কৰে। লগতে তেওঁ কয় যে, লাচিত বৰফুকনৰ বিষয়ে সবিস্তাৰে কোনো বুৰঞ্জীত পুংখানুপুংখভাৱে পোৱা নাযায়। এইক্ষেত্ৰত ৰজাঘৰীয়াই আজিকোপতি কিছু ক্ষেত্ৰত ব্যৱস্থা নোলোৱাৰ বাবে আক্ষেপ প্ৰকাশ কৰে লেখকগৰাকীয়ে।
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখকগৰাকীয়ে লগতে তেওঁ ৰচনা কৰা প্ৰতিটো সৃষ্টিতে সদায়েই অসম, ব্ৰহ্মপুত্ৰ তথা উত্তৰ-পূবক গুৰুত্ব দি অহাৰ কথাও সদৰি কৰে। বীৰ লাচিত বৰফুকনক লৈ তেওঁ ইংৰাজী ভাষাত ৰচনা কৰা গ্ৰন্থখনে বেষ্ট চেলাৰ হিচাপে স্বীকৃতি পোৱাৰ কথা সদৰি কৰি সন্তুষ্টি ব্যক্ত কৰে দত্তই।
ইয়াৰ পিছতে কৃতী সেনা বিষয়া , বিশিষ্ট লেখক ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰে লাচিত বৰফুকনৰ সমৰ শৈলী আৰু যুদ্ধ কিটিপৰ বিষয়ে আৰু অধিক অধ্যয়নৰ অৱকাশৰ পোষকতা কৰে। তেওঁ কয় যে, লাচিত বৰফুকনৰ বিষয়ে আমি সেইখিনি তথ্যহে বুৰঞ্জীত পঢ়িবলৈ পাও, যিখিনি ৰজাৰ সৈতে জড়িত হৈ আছিল। অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীয়ে লগতে আলাবৈ ৰণৰ প্ৰসংগ টানি আনি আলাবৈ ৰণৰ গ্ৰহণযোগ্যতা আৰু সত্যাসত্য নিৰূপণৰ বাবে আৰু অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলিও মতপোষণ কৰে।
অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই অনুষ্ঠানটোত ৰখা বক্তব্যত আলাবৈ ৰণৰ সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে।
তেওঁ কয় যে, ৰজাই কেতিয়াও দুৰ্বলতাৰ ইতিহাস নিলিখে। সেয়েহে আলাবৈ ৰণৰ কথাও বিস্তৃতভাৱে কোনো এখন বুৰঞ্জীত উল্লেখ নাই। কিন্তু আমি এই ক্ষেত্ৰত যথেষ্টখিনি কাম কৰিছো। আমাৰ প্ৰচেষ্টাৰ ফলতে আলাবৈ এটা স্মৃতিসৌধৰ লগতে প্ৰশাসন আৰু পুৰাতত্ত্ব বিভাগে বহুকেইটা অনুষ্ঠান কৰি আহিছে। কিন্তু ইতিহাস সবল আৰু শুদ্ধ ৰূপত ধৰি ৰখাৰ ক্ষেত্ৰত বুৰঞ্জীবিদসকলৰ যথেষ্ট দায়িত্ব থকাৰ কথাও কয় মহন্তই।
উল্লেখ্য যে, সাধাৰণ সম্পাদক মৃণাল পাটোৱাৰীয়ে সভাৰ উদ্দেশ্য বাখ্যা কৰা অনুষ্ঠানটিত যথেষ্ট সংখ্যক লোক উপস্থিত থাকে।