/asomiyapratidin/media/media_files/2025/03/21/KhuJGCluhPCmosP80slR.jpg)
ডিজিটেল সংবাদ,সৰভোগঃ সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ধন দাবীৰ ফোনকল ভাইৰেলক লৈ তোলপাৰ ৰাজ্য। জনৈক হৰ্ষ নামৰ এজন লোকক ফোন কৰি বৃহৎ পৰিমাণৰ ধন দাবী কৰে বিধায়কজনে।
মনোৰঞ্জন তালুকদাৰে বিধায়কৰ ক্ষমতা দেখুৱাই ধন দাবী কৰা ফোনকল সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা পাছতে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বিধায়ক গৰাকী। জনৈক হৰ্ষৰ সৈতে হোৱা বিধায়কজনৰ কথোপকথন-
মনোৰঞ্জন তালুকদাৰঃ হৰ্ষ নেকি?
হৰ্ষঃ হয়...
মনোৰঞ্জন তালুকদাৰঃ মই মনোৰঞ্জন তালুকদাৰ
হৰ্ষঃকালি মই যোৰহাট গৈছিলো, আহি আছিলো, সেয়ে ফোন নুঠালো
মনোৰঞ্জন তালুকদাৰঃ কথা হৈছে মোৰ ইলেকচন নহয়
হৰ্ষঃ হয়, গম পাইছো দাদা...
মনোৰঞ্জন তালুকদাৰঃ বিধানসভাৰ সময়, সেয়ে মই আপোনালোকক জুলুম কৰা নাই।এতিয়াতো এমএললেও মই, তথাপি মই জুলুম কৰা নাই একো।
হৰ্ষঃহ’ব দিয়ক মই লগ কৰিম আপোনাক
মনোৰঞ্জন তালুকদাৰঃ লগ কৰিম মানে মোক এটা হেভী এমাউণ্ট লাগে। 
হৰ্ষঃতথাপি মই সেই কৰি লওঁ, মোৰ পাৰ্টনাৰ আছে না, লগৰকেইটা।
মনোৰঞ্জন তালুকদাৰঃ লগৰকেইটাৰ লগত কথা পাতক, মহন্তৰ লগত কথা পাতক। মহন্তক ক’ব যে মই কিবা এটা বিচাৰিছো।
হৰ্ষঃ ঠিক আছে, হ’ব দিয়ক।
মনোৰঞ্জন তালুকদাৰঃ কিন্তু দুই-একৰ কথা কোৱা নাই, এমাউণ্টটো বেছি হ’ব লাগিব দেই
হৰ্ষঃ হ’ব দিয়ক মই কথা পাতিম
মনোৰঞ্জন তালুকদাৰঃ জনাব হাঃ, ঠিক আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us