ক'ভিডৰ প্ৰত্যাহ্বান অতিক্ৰমী ভাৰতৰ নিৰ্মাণ খণ্ডত চমকঃ ২২-২৩ বৰ্ষত ১.৮৪ কোটিলৈ নিয়োগ বৃদ্ধি

ক'ভিডৰ প্ৰত্যাহ্বান অতিক্ৰমী ভাৰতৰ নিৰ্মাণ খণ্ডত চমকঃ ২২-২৩ বৰ্ষত ১.৮৪ কোটিলৈ নিয়োগ বৃদ্ধি

author-image
Asomiya Pratidin
New Update
ক'ভিডৰ প্ৰত্যাহ্বান অতিক্ৰমী ভাৰতৰ নিৰ্মাণ খণ্ডত চমকঃ ২২-২৩ বৰ্ষত ১.৮৪ কোটিলৈ নিয়োগ বৃদ্ধি

ডিজিটেল ডেস্কঃ দেশৰ নিৰ্মাণ ক্ষেত্ৰখনলৈ আহিছে ব্যাপক পৰিৱৰ্তন। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই ক্ষেত্ৰখনৰ বিকাশ ২০২২-২৩ বৰ্ষত যথেষ্ট হৈছে। ২০২২-২৩ বৰ্ষত নিৰ্মাণ ক্ষেত্ৰৰে জড়িত উদ্যাগত নিযুক্তিৰ সংখ্যা ১.৮৪ কোটিলৈ বৃদ্ধি পাইছে।

Advertisment

২০২১-২২ বৰ্ষত সেই সংখ্যা আছিল ১.৭২ কোটি। যোৱা ১২ টা বছৰত নিৰ্মাণ ক্ষেত্ৰত সৰ্বোচ্চ হাৰত নিয়োগ হৈছে নিৰ্মাণ ক্ষেত্ৰত। এনোৱেল চাৰ্ভে অৱ ইণ্ডাষ্টিজ চমুকৈ ASI ৰ সমীক্ষা মতে খাদ্য উৎপাদনত আটাইতকৈ বেছি নিযুক্তি লাভ কৰা দেখা পোৱা গৈছে। তাৰ পাছতে আছে বস্ত্ৰ,ধাতু,কাৰখানা, পেট্ৰ'লিয়াম, খাদ্য সামগ্ৰী, ৰাসায়নিক সামগ্ৰী আৰু মটৰ গাড়ী নিৰ্মাণকাৰী উদ্যোগসমূহ।

সমীক্ষাত দেখা পোৱা গৈছে, ২০২১-২২ বৰ্ষত মুঠ কাৰখানাৰ সংখ্যা ২.৪৯ লাখ আছিল যদিও সেয়া ২০২২-২৩ বৰ্ষত ২.৫৩ হাজাৰলৈ বৃদ্ধি হৈছে। উল্লেখ্য যে, ২০১৫-১৬ চনত নিৰ্মাণকাৰী খণ্ডত নিয়োজিত শ্ৰমিকৰ সংখ্যা ১১.১৩ কোটি আছিল। ইয়াৰ তুলনাত ২০২২-২৩ চনত নিয়োজিত শ্ৰমিকৰ সংখ্যা ১৬.৪৫ লাখ হৈছেগৈ। দেখা পোৱা গৈছে ক'ভিডৰ পাছত নিৰ্মাণ ক্ষেত্ৰখনৰ বিকাশ হৈছে। উল্লেখযোগ্য যে, উদ্যাগ সমূহৰ পৰিসংখ্যা আৰু তথ্যৰ ভিত্তিত এ এছ আয়ে এই সমীক্ষা প্ৰকাশ কৰিছে।

এ এছ আইৰ তথ্য সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তিত নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া বিভিআৰ সুভ্ৰমান্যমে কয় যে, ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ক'ভিড মহামাৰীৰ প্রভাৱ ক্ৰমান্বয়ে হ্ৰাস পাইছে। দেশত মহামাৰীৰ প্ৰভাৱ কম হোৱাৰ ফলত উৎপাদন খণ্ডত উত্থান ঘটিছে আৰু সেয়া অতি স্পষ্ট। এই পৰিসংখ্যা আমাৰ বাবে যথেষ্ট সন্তোষজনক আৰু সম্ভাৱনাপূৰ্ণ।

Also Read: অবৈধ সুৰাৰ বিৰুদ্ধে হাজোৰ ৰাজপথত একাংশ মহিলাৰ ৰণচণ্ডী ৰূপ

Manufacturing industries’ job job growth indoa 2022-23 india