পেৰিছৰ পৰা আকৌ আহিল ভাল খবৰঃ মনু ভাকৰ-সৰবজ্যোতে আজুৰিলে ব্ৰঞ্জ...

পেৰিছৰ পৰা আকৌ আহিল ভাল খবৰঃ মনু ভাকৰ-সৰবজ্যোতে আজুৰিলে ব্ৰঞ্জ...

author-image
Asomiya Pratidin
New Update
পেৰিছৰ পৰা আকৌ আহিল ভাল খবৰঃ মনু ভাকৰ-সৰবজ্যোতে আজুৰিলে ব্ৰঞ্জ...

ডিজিটেল ডেস্কঃ অলিম্পিকত দ্বিতীয়টো ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচিলে ভাৰতীয় শ্বুটাৰ মনু ভাকৰে। অলিম্পিকৰ ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টীম ইভেন্টত শ্বুটাৰ সৰবজ্যোতৰ সৈতে এই সফলতা অৰ্জন কৰে ভাকৰে। 

Advertisment

উল্লেখ্য যে, দেওবাৰে ভাৰতৰ শ্বুটাৰ মনু ভাকৰে লাভ কৰিছিল ব্ৰঞ্জৰ পদক। এয়া আছিল এইবাৰৰ অলিম্পিকত ভাৰতে লাভ কৰা প্ৰথমটো পদক। পুনৰ ৩ দিনৰ ভিতৰত ভাৰতলৈ দ্বিতীয়টো পদক আজুৰিলে ভাকৰে।

ভাকৰ-সৰবজ্যোতে কোৰিয়াৰ শ্বুটাৰ অহ য়ে জিন আৰু লি ৱুনহোক ১৬-১০ গ’লত পৰাস্ত কৰে। কোৰিয়ান যুটিটোত অ’ য়ে জিন হৈছে সেই একেজন শ্বুটাৰ যিয়ে দেওবাৰে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত স্বৰ্ণ পদক লাভ কৰিছিল।

Also Read: পেৰিছ অলিম্পকত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰিলে শ্বুটাৰ মানু ভাকৰে

Olympics 2024 Manu Bhaker