ধেমাজি মহাবিদ্যালয়ৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ধেমাজি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি মনোজ কুমাৰ গোস্বামীয়ে ছাত্ৰ-ছাত্ৰীক নিজস্ব উদ্ভাৱনী ক্ষমতা সঠিক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়৷

author-image
Asomiya Pratidin
New Update
ধেমাজি মহাবিদ্যালয়ৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল সংবাদ, ধেমাজিঃ “ আমি সকলো ভাল ক্ৰেতা হৈ আছো, কিন্তু উদ্ভাৱক হ’ব নোৱাৰিলোঁ৷ আমি লেপটপ-ম’বাইল কিনিছো, কিন্তু সাধাৰণ ম’বাইল এটা আমাৰ দেশত নিৰ্মাণ কৰিব পৰা নাই৷ বৰ্তমান নৱপ্ৰজন্মৰ কাৰণে সকলো মুকলি আছে, নৱপ্ৰজন্মই নিজস্ব উদ্ভাৱনী চিন্তা চৰ্চাৰে বহুত কিবা কিবি কৰিব পাৰে, ঘৰতে ম’বাইল লেপটপ লৈ প্ৰযুক্তিৰ প্ৰতিযোগিতাত নামিব পাৰে৷”- এই মন্তব্য বিশিষ্ট সাহিত্যিক তথা সাহিত্য অকাডেমী বঁটাপ্ৰাপক গল্পকাৰ,  সম্পাদক মনোজ কুমাৰ গোস্বামীৰ৷

Advertisment

শুকুৰবাৰে ধেমাজি মহাবিদ্যালয়ৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি সাহিত্যিক-সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে ছাত্ৰ-ছাত্ৰীসকলক নিজস্ব উদ্ভাৱনী ক্ষমতা সঠিক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়৷ ভাষণত তেওঁ ভৱিষ্যতৰ পৃথিৱীখন কৃত্ৰিম বুদ্ধিমত্তাই নিয়ন্ত্ৰণ কৰিব বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক সময়ৰ সতে আগবাঢ়ি যাবলৈ হ’লে মেচিন আৰু মনৰ মাজত সামঞ্জস্য ৰাখি আগবাঢ়িব লাগিব বুলি কয়৷ 

ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি তেওঁ আগবঢ়োৱা মননশীল বক্তব্যত ভাৰতবৰ্ষৰ লগতে একে সময়ৰ সমসাময়িক দেশবোৰে কি দৰে আজি উন্নত দেশলৈ পৰ্যবেশিত হ’ল, ভাৰতবৰ্ষ কি দৰে পিছপৰি ৰ’ল, সেই সন্দৰ্ভতো তথ্যসহকাৰে উল্লেখ কৰে৷ ইফালে বিশ্ব দৰবাৰত এখন দেশে আধিপত্য দেখুওৱা অন্যতম প্লে’টফৰ্ম দেশখনৰ ক্ৰীড়াঙ্গন বুলি উল্লেখ কৰি গোস্বামীয়ে আমাৰ ভাৰতবৰ্ষই অলিম্পিক পদকৰ বাবে, ফিফা ফুটবল জয়ৰ বাবে প্ৰতিযোগিতা নকৰে বুলি কয়৷ 

তেওঁ আমেৰিকাৰ এজন সাতোঁৰবিদ মাইকেল ফ্লেপছে অকলেই যিমান অলিম্পিক পদক পাইছে, ভাৰতবৰ্ষই এতিয়ালৈকে পোৱা পদকতকৈ বহুত বেছি বুলি উল্লেখ কৰে৷ তেওঁ নৱপ্ৰজন্মক ক্ৰীড়াৰ মাধ্যমেৰে আগবাঢ়ি অহাৰো আহ্বান জনায়৷তদুপৰি ছাত্ৰ-ছাত্ৰীসকলক সামাজিক আচৰণ সুন্দৰ কৰি দায়িত্ববোধ সহকাৰে সামাজিক নেতৃত্ব ল’বলৈয়ো আহ্বান জনায়৷ 

উল্লেখ্য যে ধেমাজিৰ ভালেসংখ্যক শিক্ষানুৰাগী ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লৈ উঠা ঐতিহ্যমণ্ডিত ধেমাজি মহাবিদ্যালয়ৰ আজি ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা ৮:৩০ বজাত মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক কুমুদ বৰাই গান্ধীজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ পাছতে পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগে৷ 

মহাবিদ্যালয়ৰ উপাধ্যক্ষ দ্বীপেন কাকতিয়ে শ্বহীদ তৰ্পণ কৰাৰ পাছতে গছপুলি ৰোপণ কৰে গ্ৰন্থাগাৰিকা ড° লাৱণ্য হাজৰিকাই৷ পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত মুকলি সভাখন সঞ্চালনা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক নেওগে৷ ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰে উদ্বোধন কৰা সভাখনৰ পূৰ্বে বন্তি প্ৰজ্বলনৰে সভাখনৰ সফল কামনা কৰে ধেমাজিৰ প্ৰথমগৰাকী সাহিত্যিক পেন্সনাৰ উমেশ চেতিয়াই৷ 

ইয়াৰ পাছতে মহাবিদ্যালয়ৰ ছাত্ৰীসকলে এটি সমবেত সংগীতৰে মঞ্চ মুকলি কৰে৷ উক্ত সভাতে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক, অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰী আৰু কৃৰ্তী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক শৈলেন বৰকাকতিয়ে আঁত ধৰা অনুষ্ঠানটোৰ আদৰণি ভাষণ আগবঢ়ায় অধ্যক্ষ ড° দীপক কুমাৰ নেওগে৷ 

আদৰণি ভাষণত তেওঁ মহাবিদ্যালয়ৰ অতীত আৰু বৰ্তমানৰ কথা বিশ্লেষণ কৰাৰ লগতে মহাবিদ্যালয়খনক শৈক্ষিক দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত কৰি অহা কামৰ খতিয়ান দাঙি ধৰি মহাবিদ্যালয়খন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে৷

 

ধেমাজি মহাবিদ্যালয় মনোজ কুমাৰ গোস্বামী