Advertisment

মনোজ কুমাৰ গোস্বামীক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপকৰ আসন..

জনপ্ৰিয় লেখক,জ্যেষ্ঠ সাংবাদিক আৰু সম্পাদক মনোজ কুমাৰ গোস্বামীক গুৱাহাটী বিশ্ববিদ্যালয়ে সমাজ বিজ্ঞান বিভাগৰ অতিথি অধ্যাপক হিচাপে মনোনীত কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ জনপ্ৰিয় লেখক,জ্যেষ্ঠ সাংবাদিক আৰু সম্পাদক মনোজ কুমাৰ গোস্বামীক গুৱাহাটী বিশ্ববিদ্যালয়ে সমাজ বিজ্ঞান বিভাগৰ অতিথি অধ্যাপক হিচাপে মনোনীত কৰা হৈছে।

Advertisment

গোস্বামীয়ে ভাষা সাহিত্য আৰু সাংবাদিকতাৰ বিষয়েও বিশ্ববিদ্যালয়খনিত পাঠদান কৰিব। ২০২২চনৰ সাহিত্য অকাডেমী বঁটা বিজয়ী গোস্বামী এটি বহু প্ৰচলিত চেটেলাইট চেনেলৰ মুখ্য সম্পাদক আৰু একেলগে এখন গুৰুত্বপূৰ্ণ দৈনিক বাতৰি কাকতৰো মুখ্য সম্পাদকৰ দায়িত্বত আছে। 

ভাষা সাহিত্যক লৈ গোস্বামীৰ গভীৰ চৰ্চা আৰু দীৰ্ঘ দিনৰ সাংবাদিকতাৰ অভিজ্ঞতাই বিশ্ববিদ্যালয়খনিৰ শিক্ষাৰ্থীসকলক উপকৃত কৰিব বুলি আশা কৰিছে বিশ্ববিদ্যালয় সমাজে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননীগোপাল মহন্তয়ো এক পত্ৰযোগে আশা প্ৰকাশ কৰিছে যে ভিজিটিং প্ৰফেছাৰ হিচাপে মনোজ কুমাৰ গোস্বামীৰ যোগদানে ৰাজ্যৰ শীৰ্ষতম শিক্ষানুষ্ঠানখনৰ গৱেষক, ফেকাল্টিসকলৰ সৈতে ভাৱ বিনিময়ৰ জড়িয়তে শৈক্ষিক ক্ষেত্ৰখন সমৃদ্ধ কৰিব।

মনোজ কুমাৰ গোস্বামী