ধেমাজিত ‘মনোজ কুমাৰ দাস- এক বৰ্ণিল জীৱনকথা’ উন্মোচন

ধেমাজিৰ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত অভিযন্তা মনোজ কুমাৰ দাস- এক বৰ্ণিল জীৱনকথা শীৰ্ষক এখন গ্ৰন্থ শনিবাৰে ধেমাজিৰ গ্ৰাম্য অভিকৰণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে ডিব্ৰুগড় বিশ্বিবদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোণোৱালে৷ 

author-image
Asomiya Pratidin
New Update
BOOKDHMJIIII

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিৰ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত অভিযন্তা মনোজ কুমাৰ দাস- এক বৰ্ণিল জীৱনকথা শীৰ্ষক এখন গ্ৰন্থ শনিবাৰে ধেমাজিৰ গ্ৰাম্য অভিকৰণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে ডিব্ৰুগড় বিশ্বিবদ্যালয়ৰ পঞ্জীয়ক তথা ধেমাজি গৌৰৱ বটাঁপ্ৰাপ্ত ড° পৰমানন্দ সোণোৱালে৷ 

গ্ৰন্থ উন্মোচন কৰি ভাষণত ড° সোণোৱালে কয় যে- মানুহে জীৱন কালত ভাল কৰ্ম কৰিলেহে ভাল ফল লাভ কৰিব, আৰু ৬০ বছৰৰ পিছত ৰাইজে তাক মূল্যায়ন কৰিব৷ ভাষণত তেওঁ পেছাগত জীৱনত মনোজ কুমাৰ দাসে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ উৎপাদন উদ্যোগ, উদ্যমিতা বিকাশ, উন্নয়ন বিত্ত আৰু প্রতিষ্ঠানিক নেতৃত্ব আদি বিভিন্ন ক্ষেত্রত কাম কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ বহুতো জ্ঞানভিত্তিক আৰু উন্নয়নমূলক প্রতিষ্ঠানৰ নেতৃত্ব দিছে আৰু তাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। 

ইয়াৰ ভিতৰত ভাৰতীয় উদ্যমিতা প্রতিষ্ঠান আই আই ইৰ নিৰ্দেশক আৰু উত্তৰ-পূৰ্ব আঞ্চলিক কৃষি বিপণন নিগম 'নেৰামেকৰ' মুৰব্বী আৰু নেডফিৰ পৰামর্শ বিভাগৰ মুৰব্বী হিচাপে তেওঁৰ ভূমিকা বিশেষভাৱে উল্লেখযোগ্য। এই প্রতিষ্ঠান সমূহত তেওঁৰ কার্যকালত প্রতিষ্ঠান পুনৰোজ্জীৱন, সাংগঠনিক শক্তিশালীকৰণ, চৰকাৰী আস্থা বৃদ্ধি, নীতি-প্রণয়নমূলক সংযোগ আৰু বৃহৎ পৰিসৰৰ দক্ষতা বিকাশ কাৰ্যসূচী সফলভাৱে ৰূপায়িত হোৱাৰ কথা উল্লেখ কৰি পেছাগত দায়িত্বৰ উপৰিও, মনোজ কুমাৰ দাসে ৭ বছৰ ধৰি দিল্লীস্থিত অসম এছ'চিয়েচনৰ সাধাৰণ সম্পাদক হিচাপে সেবা আগবঢ়াইছে আৰু আন বহুতো সামাজিক, পেছাগত আৰু সামুদায়িক সংগঠনত নেতৃত্বস্থানীয় ভূমিকা পালন কৰিছে। 

তেওঁ ইয়াৰ জৰিয়তে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ কল্যাণ, সজাগতা আৰু স্বার্থ সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰাৰ কথা উল্লেখ কৰে৷ অনুষ্ঠানৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তিলেন গগৈয়ে ৷ সভাত মনোজ কুমাৰ দাসৰ পত্নী তথা দিল্লী চৰকাৰৰ অৱসৰপ্ৰাপ্ত স্বাস্থ্য ও চিকিৎসা বিষয়া ডা° অজন্তা বৰুৱা, অৱসৰপ্ৰাপ্ত শিক্ষক মোহন শইকীয়া, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° সৰ্বেশ্বৰ চুতীয়া,  জলসম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা তথা সমাজকৰ্মী হৰিপ্ৰসাদ মিলি ডিব্ৰুগড় জিলাৰ অৱসৰপ্ৰাপ্ত জিলা পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকা, ৰাষ্ট্ৰপতিৰ পুৰস্কাৰপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট বিজ্ঞান কৰ্মী লাৱন্য লাহন চুতীয়া, ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক পৱন চন্দ্ৰ চুতীয়া, সমাজকৰ্মী কৃষ্ণ ৰাজখোৱাই - মনোজ কুমাৰ দাসৰ বৰ্ণিল জীৱনকথাৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে ৷ 

ধেমাজি জিলা সাহিত্য সভাৰ উদ্যোগত আৰু গুৱাহাটীৰ ৰটাৰী ক্লাবৰ সহযোগত প্ৰকাশ কৰি উলিওৱা উক্ত গ্ৰন্থ উন্মোচনী সভাৰ পৰিচালনা কৰে ধেমাজি জিলা সাহিত্য সভাৰ সম্পাদক প্ৰেমানন্দ তালুকদাৰে৷ সভাত মনোজ কুমাৰ দাস- এক বৰ্ণিল জীৱনকথা শীৰ্ষক গ্ৰন্থ প্ৰণয়ন সমিতিৰ সম্পাদিকা পল্লবী নেওগ বৰাই মনোজ কুমাৰ দাসৰ জীৱন বৃত্তান্তৰ সন্দৰ্ভত ভাষন প্ৰদান কৰে ৷ সভাৰ আঁত ধৰে সহকাৰী সম্পাদক যুগল সন্দিকৈয়ে৷  

সভাত ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি ৰণজিত চিৰিং, ধেমাজি জিলা বিজেপিৰ সভাপতি ৰূপা কামান, জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰনৱ কুমাৰ দাস, জিলাৰ শক্তি কেন্দ্ৰৰ প্ৰমুখ দিলীপ চাংমাই, জিলাৰ সম্পাদক প্ৰতিমা দাস, কৃষ্ণ ৰাজখোৱা ধেমাজি জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদকদ্বয় যুগল সন্দিকৈ, প্ৰফুল্ল হাজৰিকা, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা সমাজকৰ্মী গুণ শইকীয়া, জামুগুৰি পাঁচআলি শাখা সাহিত্য সভাৰ সভাপতি কৃষ্ণা দত্ত, উপ -সভাপতি কিশোৰ ফুকন, অসম চৰকাৰ অৱসৰপ্ৰাপ্ত শিশু উন্নয়ন বিষয়া কুঞ্জলতা বড়া, ধেমাজি বানিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱ চুতীয়া, ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন পত্ৰিকা সম্পাদক পুষ্পা চুতীয়া, সাহিত্যকৰ্মী ৰীতাজান চেতিয়া, মঞ্জু দাস, সংগীতা তালুকদাৰ, ধেমাজি প্ৰেছ ক্লাবৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা, ধেমাজি জেষ্ঠ্য বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰবক্তা তথা বিশিষ্ট সমাজকৰ্মী ভূপেন হাজৰিকা আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷

ধেমাজি