Advertisment

মহানগৰীৰ জলবিস্ফোৰণ চৰকাৰৰ দুৰ্নীতিৰ পৰিণতিঃ মনোজ ধানোৱাৰ

এহাতে হাজাৰ হাজাৰ লিটাৰ পানী অপচয় হৈছে, আনহাতে বহু নাগৰিকে খোৱা পানীৰ পৰা বঞ্চিত হৈছে। আমি আম আদমী পাৰ্টিয়ে বাৰে বাৰে এনে জলবিষ্ফোৰণ সংঘটিত হোৱাৰ কাৰণ উদ্ঘাটন কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছো বুলি কয় মনোজ ধানোৱাৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
োে্

ডিজিটেল সংবাদ,গুৱাহাটীঃ   মহানগৰীৰ খাৰঘুলিত পুনৰ জলবিস্ফোৰণক লৈ সৰৱ হৈছে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ। আপৰ নেতাগৰাকীয়ে আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে জাইকাৰ পাইপ ফুটি বাৰে বাৰে সংঘটিত হোৱা জলবিস্ফোৰণক চৰকাৰৰ দুৰ্নীতিৰ পৰিণতি বুলি অভিহিত কৰে।

Advertisment

ধানোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোট চৰকাৰে গুৱাহাটীবাসীক বিশুদ্ধ খোৱাপানী যোগান দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি চৰকাৰক প্ৰশ্ন কৰে যে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱা চৰকাৰে উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰাৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে। ফলত গুৱাহাটীৰ পানী যোগান আঁচনি ৰূপায়নৰ ক্ষেত্ৰত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে।

এহাতে হাজাৰ হাজাৰ লিটাৰ পানী অপচয় হৈছে, আনহাতে বহু নাগৰিকে খোৱা পানীৰ পৰা বঞ্চিত হৈছে। আমি আম আদমী পাৰ্টিয়ে বাৰে বাৰে এনে জলবিষ্ফোৰণ সংঘটিত হোৱাৰ কাৰণ উদ্ঘাটন কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছো বুলি কয় ধানোৱাৰে।

লগতে কয় যে, কিয়নো পূৰ্বে জাইকাৰ পাইপ ফুটি এগৰাকী মহিলাৰ মৃত্যু হৈছিল। এইবাৰ আকৌ তেনে বিভীষিকাৰ সৃষ্টি হৈছে। জাইকাৰ নিম্ন মানৰ কামৰ বিৰুদ্ধেও চৰকাৰক তদন্তৰ নিৰ্দেশ দিবলৈ আমি দাবী জনাইছোঁ।

মনোজ ধানোৱাৰ