জামুগুৰিহাটৰ উত্তৰছিলাবন্ধা গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰীৰ মন কি বাত অনুষ্ঠান

মন কি বাত অনুষ্ঠানৰ পিছতে কেইবা শতাধিক পুৰুষ মহিলা যুৱক যুৱতীৰ লগতে নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি তথা উত্তৰছিলাবন্ধা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যই ত্ৰিৰংগা যাত্ৰাত অংশ লয়।

author-image
Asomiya Pratidin
New Update
dewdewadew

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  জামুগুৰিহাটৰ উত্তৰ ছিলাবন্ধা গাঁও পঞ্চায়তৰ সদস্য অংকুৰ হাজৰিকাৰ বাসভৱনত আজি পুৱা ১১ বজাত অনুষ্ঠিত হয় প্ৰধান মন্ত্ৰীৰ মন কি বাত অনুষ্ঠান ৷ গাঁও পঞ্চায়তটিৰ পানীগাঁও ক’ শাখাৰ ১০১ নং বুথ কমিটিৰ সদস্য সকলে অংশগ্ৰহণ কৰা প্ৰধানমন্ত্ৰীৰ মন কি বাত অনুষ্ঠানটি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে বৰ্ষীয়ান সমাজকৰ্মী উপেন হাজৰিকাই।

Advertisment

অনুষ্ঠানৰ লক্ষ্য উদ্দেশ্য সন্দৰ্ভত বহল ব্যাখ্যা দাঙি ধৰে গাঁওপঞ্চায়ত পৰ্য্যবেক্ষক নেত্ৰৰঞ্জন দাসে ৷ মন কি বাত অনুষ্ঠানৰ পিছতে কেইবা শতাধিক পুৰুষ মহিলা যুৱক যুৱতীৰ লগতে নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি তথা উত্তৰছিলাবন্ধা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যই ত্ৰিৰংগা যাত্ৰাত অংশ লয়।

সদস্য সকল ক্ৰমে মামনি (বৰা) শইকীয়া,সদস্য অংকুৰ হাজৰিকা,ক’ শখাৰ সহ:সম্পাদক ওছমান আলি,সভাপতি নোমল শইকীয়া আদি লগতে ত্ৰিৰংগা যাত্ৰাৰ নেতৃত্ব দিয়ে পৰ্য্যবেক্ষক নেত্ৰৰঞ্জন দাস আৰু জ্যেষ্ঠ বিজেপি নেতা বুলু আহমেদে ৷

শোভাযাত্ৰাকাৰী সকলে হাতে হাতে পতাকালৈ বন্দে মাতৰম, ভাৰত মাতা কী জয়, নৰেন্দ্ৰ মোদী জিন্দাবাদ, আদি শ্লগান দি অঞ্চলটো পৰিভ্ৰমণ কৰে৷

মন কি বাত