কুজিসত্ৰ সৌমাৰ সংঘৰ উদ্যোগত "মন এটি অবুজ সাথৰ" নাটক মঞ্চস্থ

কুজিসত্ৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাকেন্দ্ৰৰ সহযোগত শনিবাৰে "ভোগালীৰ এটি সন্ধিয়া" শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত "মন এটি অবুজ সাথৰ" নামৰ এখনি নাটক মঞ্চস্থ কৰা হয়।

author-image
Asomiya Pratidin
New Update
মন এটি অবুজ সাথৰ নাটক মঞ্চস্থ

মন এটি অবুজ সাথৰ নাটক মঞ্চস্থ

ডিজিটেল সংবাদ, বটদ্ৰৱা : বটদ্ৰৱাৰ সমীপৱৰ্তী তথা দক্ষিণ দিশত অৱস্থিত কুজিসত্ৰত, কুজিসত্ৰ সৌমাৰ সংঘৰ উদ্যোগত আৰু কুজিসত্ৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাকেন্দ্ৰৰ সহযোগত শনিবাৰে "ভোগালীৰ এটি সন্ধিয়া" শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত "মন এটি অবুজ সাথৰ" নামৰ এখনি নাটক মঞ্চস্থ কৰা হয়।

মন এটি অবুজ সাথৰ নাটক মঞ্চস্থ
মন এটি অবুজ সাথৰ নাটক মঞ্চস্থ

সন্ধিয়াৰ পৰা বিভিন্ন কাৰ্য্যসূচীৰ পাছত নিশা ৮ -০০বজাত কুজিসত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰাৰ লগতে মঞ্চ উদ্বোধন কৰে হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকাই। ইয়াৰ লগে লগে ধ্ৰুৱজ্যোতি বৰাৰ ৰচনা আৰু পৰিচালনাৰে "মন এটি অবুজ সাথৰ" শীৰ্ষক নাটক খনি মঞ্চস্থ কৰা হয়। 

দীপাংক গিৰি দেৱ গোস্বামীৰ সংগীত পৰিচালনাৰে, কুজিসত্ৰৰ যুৱক যুৱতী সকলৰ অভিনয়ৰে মঞ্চস্থ কৰা বাস্তৱধৰ্মী সামাজিক নাট খন সহস্ৰাধিক দৰ্শকে উপভোগ কৰে।

batadraba