বিজেপিৰ ভুৱা ৰাষ্ট্ৰীয়বাদ যিমান ফোঁপোলা তাতকৈ বেছি ভয়ংকৰ…

বিজেপিৰ ভুৱা ৰাষ্ট্ৰীয়বাদ যিমান ফোঁপোলা তাতকৈ বেছি ভয়ংকৰ…

author-image
asomiyapratidin
New Update
‘আলু, পিঁয়াজৰ মূল্য হ্ৰাস কৰিবলৈ মোডী প্ৰধানমন্ত্ৰী হোৱা নাই, ২০২৪ত পাক অধিকৃত কাশ্মীৰ ভাৰতৰ হ’ব’: কোনে ক’লে এইদৰে…

ডিজিটেল ডেস্ক বিজেপিৰ ভুৱা ৰাষ্ট্ৰীয়বাদ যিমান ফোঁপোলা তাতকৈ বেছি ভয়ংকৰ- এই মন্তব্য প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ।
পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে জনতাৰ বাবে এক ভিডিঅ'ৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰে।

Advertisment

তেওঁ কয় যে "পঞ্জাৱৰ লগতে সমগ্ৰ ভাৰতৱাসী এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত থিয় হৈ আছে।পঞ্জাৱ,উত্তৰাখণ্ড, গোৱা, উত্তৰ প্ৰদেশ আৰু মণিপুৰৱাসীৰ ওচৰলৈ গৈ মোৰ তেওঁলোকৰ অৱস্থাৰ ওপৰত চৰ্চা কৰাৰ বহুত মন আছিল। কিন্তু চিকিৎসকৰ পৰামৰ্শ মানি এই ভিডিঅৰ জৰয়তেই কথা পতাৰ সিদ্ধান্ত ল'লো"।

সিঙে কয় যে "বৰ্তমানৰ স্থিতি অত্যন্ত চিন্তাজনক।এই সময়ত দেশত বিভিন্ন ধৰণৰ সমস্য আছে,কিন্তু এই সমস্যা সমূহ শুধৰণি কৰাৰ পৰিৱৰ্তে ইয়াৰ দোষ চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুৰ ওপৰত জাপি দিছে"।

চৰকাৰক আৰু বিভিন্ন দিশত সমালোচনা কৰি তেওঁ কয় যে বিজেপি চৰকাৰৰ নীতি আৰু উদ্দেশ্যত  দোষ আছে।প্ৰতিটো নীতিতে স্বাৰ্থ আছে, ঠিক তেনেদৰে প্ৰতিটো উদ্দেশ্যতে ঘৃণা আৰু বিভাজন আছে। নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে বিজেপিয়ে জাতি-ধৰ্ম সকলোতে বিভাজন আনিছে আৰু তেওঁলোকক নিজৰ মাজতেই যুঁজ কৰাইছে। বিজেপি চৰকাৰৰ ভুৱা ৰাষ্ট্ৰবাদ যিমানেই ফোঁপোলা সিমানেই ভয়ংকৰ।

উল্লেখ্য যে, পঞ্জাৱত বিধানসভা নিৰ্বাচন সমাগত। এই সময়চোৱাত প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতেই প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে এই ভিডিঅ বাৰ্তা প্ৰেৰণ কৰে।

punjab bjp narendra modi congress