ডিজিটেল ডেস্কঃ পঞ্চভূতত বিলীন হ'ল প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড.মনমোহন সিং । দিল্লীৰ ৰাজহুৱা শ্মশান নিগমবোধ ঘাটত আজি সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ শেষ কৃত্য অনুষ্ঠান অনুষ্ঠিত হয়। এই অন্ত্যেষ্টিক্ৰিয়াত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি কেইবাজনো ৰাজনীতিবিদে অংশগ্ৰহণ কৰে।
ভাৰতৰ অৰ্থনৈতিক সংস্কাৰক নতুন আকাৰ দিয়া ড০ মনমোহন সিং ২০০৪ চনৰ পৰা ২০১৪ চনলৈ কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰত দুটা কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী আছিল।
আজি ড০ মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়াত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী আদিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । উল্লেখযোগ্য যে ড০ সিঙৰ মৃতদেহ প্ৰথমে ৰাষ্ট্ৰীয় ৰাজধানীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হৈছিল ।