/asomiyapratidin/media/media_files/2024/12/27/MLvWfoh6CEPT04jo8xVL.jpg)
ডিজিটেল ডেস্কঃ শাস্ত্ৰত লিখা আছে জন্ম, মৃত্যু আৰু বিবাহ কেতিয়া ক'ত হ'ব কোনেও নাজানে। যিজনৰ জন্ম হৈছে তেওঁৰ মৃত্যুও নিশ্চিত। মৃত্যু এটা অনিবাৰ্য সত্য, কিন্তু কেতিয়া, কেনেকৈ আৰু কি অৱস্থাত মৃত্যু হ’ব কোনেও নাজানে। সদ্য প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যু এক কাকতলীয়া সংযোগ।
দৰাচলতে মনমোহন সিঙৰ জন্ম হৈছিল ১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত অবিভক্ত ভাৰতৰ পঞ্জাৱত। একে তাৰিখে অৰ্থাৎ ২০২৪ চনৰ ২৬ ডিচেম্বৰত মৃত্যুক আকোৱালি ল'লে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে। ২৬ তাৰিখে পৃথিৱীৰ কোলালৈ অহা সিঙে ২৬ তাৰিখে পৃথিৱীৰ পৰা ল'লে বিদায়। ইয়াক কাকতলীয়া সংযোগ বা ভাগ্য বুলিয়ে কৰিব পাৰি। ইফালে জ্যোতিষ শাস্ত্ৰৰ মতে, মনমোহন সিঙৰ জন্ম- মৃত্যুৰ তাৰিখৰ শনিৰ লগত প্ৰত্যক্ষ সম্পৰ্ক আছে।
২৬ সংখ্যা শনিৰ লগত কি সম্পৰ্ক?
সংখ্যাবিজ্ঞান অনুসৰি ২৬ ৰ মূল সংখ্যা ৮ (২+৬=৮)। জ্যোতিষী অনিশ ব্যাসে কয় যে, প্ৰভু শনি দেৱ ৮ নম্বৰৰ । আমি শনি দেৱকো ন্যায় আৰু কৰ্মৰ দেৱতা বুলি কওঁ। সাধাৰণতে কোৱা হয় যে যিকোনো মাহৰ ৮, ১৭ আৰু ২৬ তাৰিখে জন্ম লোৱা লোকসকলক শনি দেৱৰ আশীৰ্বাদ দিয়া হয়। কিন্তু মনমোহন সিঙৰ জন্মই নহয়, মৃত্যুও এই তাৰিখতে। এনে পৰিস্থিতিত শনি দেৱ জন্মৰ পৰা মৃত্যুলৈকে তেওঁৰ লগত থকা বুলি ক’লে ভুল নহ’ব।
সকলোৱে শনিৰ সমৰ্থন নাপায়। বৰং যিসকলে নিজৰ জীৱনত সৎকৰ্ম কৰে, নিঃস্ব জনক সেৱা কৰে, যিকোনো কাম কৰিবলৈ আৰু মানুহক সহায় কৰিবলৈ অক্লান্তভাৱে কাম কৰে, শনি দেৱে কেৱল সেইসকলক আশীৰ্বাদ প্ৰদান কৰে ।
উল্লেখ কৰা প্ৰয়োজন যে, সাধাৰণতে আমি জন্ম তাৰিখক অধিক অগ্ৰাধিকাৰ দিওঁ। কিন্তু মৃত্যুৰ তাৰিখো গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই তাৰিখত আমি সেই মহান ব্যক্তিজনে কৰা ভাল কামবোৰ স্মৰণ কৰি তেওঁৰ চিন্তাক অনুসৰণ কৰাৰ প্ৰতিশ্ৰুতি লওঁ। কাৰণ জন্মৰ সময়ত সকলো মানুহ স্বাভাৱিক। কিন্তু গোটেই জীৱনত কৰা কৰ্মৰ দ্বাৰা তেওঁ মহান হৈ পৰে। এই কাৰণেই মহাপুৰুষসকলক মৃত্যুৰ পিছতো স্মৰণ কৰি অমৰ বুলি কোৱা হয়।