ভাৰত-বাংলাদেশ সীমান্তৰ প্ৰতি ভাবুকি...

মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তত পুনৰ আৰম্ভ হৈছে গৰাখহনীয়া

author-image
Asomiya Pratidin
New Update
ভাৰত-বাংলাদেশ সীমান্তৰ প্ৰতি ভাবুকি...

ডিজিটেল সংবাদ, মানকাচৰ: মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তত পুনৰ আৰম্ভ হৈছে গৰাখহনীয়া।সীমান্তৰ কালাইৰ আলগাত চলি আছে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া।

উল্লেখযোগ্য যে সীমান্তৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ব্ৰহ্মপুত্ৰ বৰ্ডৰ জৰিয়তে প্ৰায় ৮ কোটি টকাৰ জিও বেগৰ কাম কৰা হৈছিল। দুবছৰ পূৰ্বে কাম কৰা জিও বেগ এতিয়া এটা এটাকৈ উঠি বাংলাদেশলৈ যাবলৈ ধৰিছে।

ঠিকাদাৰে চৰম দুৰ্নীতি কৰাৰ বাবেই মানকাচৰৰ লগতে সীমান্তৰ প্ৰতি খহনীয়াৰ ভাবুকি আহিছে। ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰ নদীত উঠি গ'লে উন্মক্ত হৈ পৰিব সীমান্ত।

বাংলাদেশীয়ে অনায়াসে ভাৰতত প্ৰৱেশ কৰি মানকাচৰত অত্যাচাৰ চলাব বুলি ৰাইজে সংকাত ভুগিছে।কিয়নো প্ৰায় ত্ৰিশ বছৰ পূৰ্বে মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তত কাঁইটীয়া তাৰৰ বেৰ নাছিল।

সেই সময়ত বাংলাদেশী সকল মানকাচৰত প্ৰৱেশ কৰি অত্যাচাৰ চলাইছিল ।পুনৰ একে ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ শংকাত ভুগিছে সাধৰণ জনতা।গতিকে সীমান্তৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনাইছে ৰাইজে।

assam mankachar