মানকাচৰত বগা আটাৰ কলা বেহা!

মানকাচৰ জিলাত ভয়ংকৰ আটা চিণ্ডিকেট চলি থকা কথা ইতিমধ্যে মানকাচৰ সমবায় সমিতিৰ কৰ্মচাৰীয়ে স্বীকাৰ কৰিছে। এতিয়া প্ৰশ্ন উঠিছে যে,কাৰ নেতৃত্বত চলি আছে এই বৃহৎ চিণ্ডিকেট?

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মানকাচাৰঃ  যি সময়ত ৰাজ্য চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোক সকলৰ বাবে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰি দৰিদ্ৰতা দূৰীকৰণৰ চেষ্টা কৰি আহিছে সেই সময়তে একাংশ লুন্ঠনকাৰীয়ে দৰিদ্ৰ হিতাধীকাৰীৰ বাবে চৰকাৰে আৱন্টন দিয়া কুইন্টলে কুইন্টলে আটা কলা বজাৰত বিক্ৰী কৰি গঢ়ি তুলিছে ছিণ্ডিকেটৰ বিশাল সাম্ৰাজ্য।

দক্ষিণ শালমাৰা মানকাচৰ জিলাত ভয়ংকৰ আটা চিণ্ডিকেট চলি থকা কথা ইতিমধ্যে মানকাচৰ সমবায় সমিতিৰ কৰ্মচাৰীয়ে স্বীকাৰ কৰিছে। এতিয়া প্ৰশ্ন উঠিছে যে,কাৰ নেতৃত্বত চলি আছে এই বৃহৎ চিণ্ডিকেট? কিয় নীৰৱ ভূমিকা পালন কৰিছে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাদ্য আৰু যোগান বিভাগে।এনে ভয়ংকৰ দুৰ্নীতিৰ বিৰুদ্ধে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন তথা যোগান মন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰবৰ্তী সময়ত লক্ষণীয় হ'ব ।

মানকাচৰ