Advertisment

মানকাচৰত সদ্যজাত শিশুৰ মৃতদেহ উদ্ধাৰ...

স্থানীয় ৰাইজে মানকাচৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত কাৰ্যবাহী দণ্ডাধীশ কোস্তব দাস সহ আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰে। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

author-image
Asomiya Pratidin
New Update
মানকাচৰ

ডিজিটেল সংবাদ,মানকাচৰঃ  মানকাচৰ থানা এলেকাৰ অধীনস্থ মিৰজুমালা এলেকাত আৰ চি চি দলঙৰ তলত এটি সদ্যজাত শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি পুৱাৰ ভাগত একাংশ লোক দলঙৰ তলত থকা কালো নদীৰ পাৰত মৃতদেহটি প্ৰত্যক্ষ কৰে।

Advertisment

লগে লগে স্থানীয় ৰাইজে মানকাচৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত কাৰ্যবাহী দণ্ডাধীশ কোস্তব দাস সহ আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰে। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজ হাস্পতালত প্ৰেৰণ কৰিছে। কোনো দুষ্ট চক্ৰই সদ্যজাত শিশুটিক মিৰজুমালা দলঙৰ পৰা পেলাই দিছিল বুলি একাংশই সন্দেহ কৰিছে। 

মানকাচৰ