/asomiyapratidin/media/media_files/2025/07/08/web-ap-mondol-2025-07-08-10-07-43.jpg)
ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ দুই দূৰ্নীতিগ্ৰস্ত লাট মণ্ডলে দীৰ্ঘদিনৰ পৰা বিভিন্নজনৰ মাটি নামজাৰিৰ নামত জালিয়াতিৰে অনিয়ম সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। লাট মণ্ডল ছামছুদ্দিন সেখ আৰু তফিল উদ্দীনৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ।
উল্লেখযোগ্য যে, মানকাচৰৰ চাৰবাৰী গাঁৱৰ আখিৰুল ইছলাম ফাৰাজী নামৰ এজন ব্যক্তিয়ে খাৰুৱাবান্ধা গাঁৱৰ ১১২ নং পাট্টাৰ ২৩০ নং দাগৰ ৬ কাটা ৩ লেচা মাটি তিনিগৰাকী লোকৰ পৰা ক্ৰয় কৰিছিল। ইকবাল হুছেইন প্ৰধানী, ৰাজু প্ৰধানী আৰু নছেৰ আলী মণ্ডলৰ পৰা আখিৰুলে ক্ৰয় কৰা মাটিখিনি বিভাগীয় নীতিৰে বিগত ২৭ ফেব্ৰুৱাৰীত ৰেজিষ্ট্ৰেছন হৈছিল। কিন্তু লক্ষণীয় ভাৱে আখিৰুলে ক্ৰয় কৰা মাটিখিনি বিভাগীয়ভাৱে চমজি ল’বলৈ যোৱাত উক্ত দাগত কোনো মাটি নাই বুলি দায়িত্বত থকা লাট মণ্ডল ছামছুদ্দিন সেখে আখিৰুলক অৱগত কৰে।
তাৎপৰ্যপূৰ্ণ বিষয় যে, কেইমাহ মান পূৰ্বে খাৰুৱাবান্ধা ৰাজহ গাঁৱৰ দায়িত্বত থকা তফিল উদ্দীন নামৰ আন এগৰাকী লাট মণ্ডলে আখিৰুলক মাটি খিনি থকাৰ তথ্য প্ৰদান কৰি বেচা-কিনাৰ অনুমতি প্ৰদান কৰিছিল। একেডৰা মাটিৰ বিষয়ে দুই লাট মণ্ডলৰ দুই ধৰণৰ তথ্য প্ৰকাশ কৰা কাৰ্য পোহৰলৈ অহাৰ পাচত লাট মণ্ডলদ্বয়ৰ দূৰ্নীতিৰ আচল স্বৰূপ উদঙাই পৰিল।
ইফালে দক্ষিণ শালমাৰাৰ টুমনি গাওঁৰ প্ৰয়াত কাছেম আলী খানৰ নামত থকা ১ বিঘা মাটি কাছেম আলীৰ মৃত্যুৰ পিছত ঘৈণীয়েক নুৰজাহান বেগমৰ অজ্ঞাতে মানকাচৰ ৰাজহ চক্ৰৰ বিষয়া, কৰ্মচাৰী আৰু লাট মণ্ডল ছামছুদ্দিন সেখে দূৰ্নীতিৰে মাটিখিনি বিক্ৰী কৰাৰ অনুমতি প্ৰদান কৰাৰ অভিযোগ তুলিছে ভূক্তভোগী নুৰ জাহান বেগমে। লাট মণ্ডল ছামছুদ্দিন সেখ ভূৱা চিটাবহী প্ৰস্তুত কৰি মাটিখিনি প্ৰয়াত কাছেম আলী খানৰ দুই ভাতৃ-ভগ্নীৰ নামত দেখুৱাই বিক্ৰী কৰাৰ অনুমতি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু চৰকাৰীভাৱে দিয়া অনলাইন চিটাবহীত আজিও নুৰ জাহানৰ নাম সন্নিবিষ্ট হৈ আছে।
লাট মণ্ডলে মোটা অংকৰ ধনৰ বিনিময়ত এইদৰে জালিয়াতিৰে বিভিন্ন জনৰ মাটি বেচা-কিনা কৰাৰ ক্ষেত্ৰত দূৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন হৈছে। দুই লাট মণ্ডলৰ বিৰুদ্ধে ইতিমধ্যে ভূক্তভূগীদ্বয়ে ৰাজহ বিভাগৰ মন্ত্ৰী আৰু সচিব প্ৰধানক লিখিত অভিযোগ দাখিল কৰিছে। দূৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া দুই লাট মণ্ডলৰ বিৰুদ্ধে বিভাগে কেনে পদক্ষেপ গ্ৰহন কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।