হাটশিঙিমাৰীৰ অসম-মেঘালয় সীমান্তত নাকা চেকিং

দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ শালমাৰা-মানকাচৰ জিলাত নিৰাপত্তা ব্যৱস্থা অতিকৈ কটকটীয়া কৰি তোলা হৈছে

author-image
Asomiya Pratidin
New Update
679

ডিজিটেল সংবাদ, মানকাচৰ : দেশৰ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ শালমাৰা-মানকাচৰ জিলাত নিৰাপত্তা ব্যৱস্থা অতিকৈ কটকটীয়া কৰি তোলা হৈছে। বাংলদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিএছএফৰ সমান্তৰালভাৱে জিলাখনৰ অসম-মেঘালয় সীমান্তৱৰ্তী এলেকাসমূহত আৰক্ষীয়ে নাকা চেকিং বহুৱাই মেঘালয়ৰ পৰা প্ৰৱেশ কৰা প্ৰতিখন বাহনত তালাচী চলোৱাৰ ব্যৱস্থা কৰা হৈছে।

হাটশিঙিমাৰীৰ অসম-মেঘালয় সীমান্তৱৰ্তী বটেৰতলত খাৰুৱাবান্ধা ট্ৰাফিক আৰক্ষীয়ে সন্ধিয়াৰ পৰাই প্ৰতিখন বাহনত তালাচী চলায়। গণৰাজ্য দিৱসৰ সময়ত কোনো দুস্কৃতিকাৰী যাতে জিলাখনত কূটাঘাতৰ বাবে প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে আৰক্ষীয়ে চোকা নজৰ ৰাখিছে। 

মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী মিৰজুমালাতো মানকাচৰ আৰক্ষীয়ে প্ৰতিখন বাহনত তালাচী চলোৱা পৰিলক্ষিত হৈছে। ইফালে বাংলাদেশ সীমান্তৰ নদী তথা চৰ আৰু উন্মক্ত সীমান্তত বিএছএফৰ ফালৰ পৰা নিৰাপত্তা ব্যৱস্থা অতি কটকটীয়া কৰি তোলা হৈছে। 

মানকাচৰ