ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী দিৱস উপলক্ষে হাটশিঙিমাৰীত সজাগতা ৰেলী

ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী দিৱস উপলক্ষে শুকুৰবাৰে হাটশিঙিমাৰীত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত এক সজাগতা ৰেলী অনুষ্ঠিত হয়। “বৈষম্যৰ অৱসান, মৰ্যাদা নিশ্চিতকৰণ” শীৰ্ষক মূল বাণীৰে আয়োজিত এই সমাৱেশ।

author-image
Asomiya Pratidin
New Update
kushththththth

ডিজিটেল সংবাদ, মানকাচৰঃৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী দিৱস উপলক্ষে শুকুৰবাৰে হাটশিঙিমাৰীত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত এক সজাগতা ৰেলী অনুষ্ঠিত হয়। “বৈষম্যৰ অৱসান, মৰ্যাদা নিশ্চিতকৰণ” শীৰ্ষক মূল বাণীৰে আয়োজিত এই সমাৱেশত স্বাস্থ্য কৰ্মী, সামাজিক সংগঠন, সচেতন নাগৰিকৰ লগতে কুষ্ঠ ৰোগ প্ৰতিৰোধৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰৰ লোকসকল অংশগ্ৰহণ কৰে।

ৰেলীত কুষ্ঠ ৰোগ সম্পূৰ্ণভাৱে আৰোগ্যযোগ্য বুলি উল্লেখ কৰি ৰোগীসকলক সমাজত ঘৃণা বা অৱহেলা নকৰিবলৈ আহ্বান জনোৱা হয়। লগতে ৰোগৰ প্ৰাৰম্ভিক লক্ষণ চিনাক্ত কৰি সময়মতে চিকিৎসা গ্ৰহণ কৰিলে কুষ্ঠ ৰোগৰ স্থায়ী ক্ষতি ৰোধ কৰা সম্ভৱ বুলি এই ৰেলীৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াস চলোৱা হয়।

হাতত প্লেকাৰ্ড-বেনাৰ লৈ অংশগ্ৰহণকাৰীসকলে কুষ্ঠ ৰোগ সন্দৰ্ভত ভ্ৰান্ত ধাৰণা দূৰ কৰাৰ লগতে সামাজিক সচেতনতা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰেলীত “Vision Leprosy Free India”ৰ শ্লোগান দাঙি ধৰি কুষ্ঠমুক্ত ভাৰত গঢ়াৰ সংকল্প লোৱা হয়। 

জিলা কুষ্ঠ নিবাৰণী কোষ, দক্ষিণ শালমাৰা-মানকাচৰ জিলা স্বাস্থ্য বিভাগৰ তত্ত্বাৱধানত অনুষ্ঠিত এই কাৰ্যসূচীয়ে ৰাইজৰ মাজত কুষ্ঠ ৰোগ সন্দৰ্ভত সচেতনতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হয়।

হাটশিঙিমাৰী