/asomiyapratidin/media/media_files/2025/07/17/1-2025-07-17-10-40-08.jpg)
ডিজিটেল সংবাদ,মানকাচাৰঃ ইমাৰত গেছ এণ্ড পেট্ৰলিয়াম এনাৰ্জী প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে বিভিন্ন জিলাত গেছ এজেঞ্চি দিয়াৰ নামত নিবনুৱা আৰু ব্যৱসায়ীৰ পৰা লাখে লাখে টকা সংগ্ৰহ কৰিছে। কেৱল ইমানেই নহয় টকা সংগ্ৰহৰ পাছতে কোম্পানী উধাও হোৱা ঘটনাক লৈ দিছপুৰ থানাত ৰাজ্যৰ ৭ জন ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছে।
উল্লেখযোগ্য যে, সামাজিক মাধ্যমযোগে কোম্পানীটোৱে গেছ এজেঞ্চি দিয়াৰ নামত বিজ্ঞাপন জাৰি কৰি বিভিন্ন জিলাৰ নিবনুৱা আৰু ব্যৱসায়ীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল। শতাধিক যুৱক আৰু ব্যৱসায়ীৰ পৰা টকা সংগ্ৰহ কৰাৰ পাচত যোৱা মে মাহত হঠাত গুৱাহাটীৰ লক্ষ্মী নগৰত থকা ৰিজনেল কাৰ্যালয়টো বন্ধ কৰি দিয়ে। ফলত ধন জমা কৰা যুৱক সকলৰ মাজত হাহাকাৰ লাগে।
ঘটনাক লৈ ২৩ জুনত ৭ জনকৈ যুৱকে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰে। লগে লগে দিছপুৰ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত অনুসন্ধান আৰম্ভ কৰে। লক্ষ্যণীয় যে, মানকাচৰৰ ওৱাহিদুৰ ৰহমান নামৰ এজন যুৱকেও গেছ এজেন্সি লোৱাৰ বাবে ইমাৰত গেছ এণ্ড পেট্ৰলিয়াম এনাৰ্জী প্ৰাইভেট লিমিটেডত আগধন হিচাপে ২ লাখ টকা জমা কৰিছিল।
বৰ্তমান যুৱক জনে নিজৰ প্ৰাপ্ত ধন বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে। উল্লেখ্য, যে ওৱাহিদুৰৰ লগতে দক্ষিণ শালমাৰাৰ আন এজন যুৱকৰ পৰা কোম্পানীটোৱে ৪ লাখ টকা সংগ্ৰহ কৰিছিল বুলি জানিব পৰা গৈছে।