মানকাচৰত বিশাল নাগৰিক জনসভা, খহনীয়া প্ৰতিৰোধৰ বাবে সিদ্ধান্তগ্ৰহণ

মানকাচৰৰ মালিৰ আলগাত অনুুষ্ঠিত হয় বিশাল নাগৰিকৰ জনসভা। এই জনসভাতে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজে লয় নিজাববীয়া সিদ্ধান্ত।

author-image
Asomiya Pratidin
New Update
vfgfgfgfgfgfg

ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰৰ মালিৰ আলগাত অনুুষ্ঠিত হয় বিশাল নাগৰিকৰ জনসভা। এই জনসভাতে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজে লয় নিজাববীয়া সিদ্ধান্ত। চৰকাৰী টকালৈ বাট নাচায় ৰাইজৰ দান-বৰঙণিৰে খহনীয়া প্ৰতিৰোধৰ কাম কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে অঞ্চলটোৰ ৰাইজে। 

উল্লেখযোগ্য যে, মালিৰ আলগাৰ পৰা বাংলাদেশ সীমান্তবৰ্তী কোকৰাডাঙ্গালকে ধৰি জিলাৰ সদৰ হাটশিঙিমাৰীলৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে। ৰাইজৰ অভিযোগ অনুসৰি, চৰকাৰীভাবে প্ৰতি বছৰে কোটি কোটি টকা আবন্টন দিয়া হয় ঠিকেই, কিন্তু দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰে সঠিক কাম নকৰাত নিয়ন্ত্ৰণ নহয় খহনীয়া। ফলত ৰাইজে নিজে গাঁঠিৰ ধন খৰচ কৰি বল্ডাৰৰ দ্বাৰা খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিবলগীয়া গৈছে। 

আনহাতে, খহনীয়া প্ৰতিৰোধৰ কামৰ বাবে মালিৰ আলগাত অনুষ্ঠিত এই জনসভাতে এখন কমিটি গঠন কৰা হৈছে। দান বৰঙণিৰে চলিত মাহতে প্ৰতিৰোধৰ কাম আৰম্ভ কৰিব বুলি আশাবাদী অঞ্চলটোৰ ৰাইজ।

মানকাচৰ