হাটশিঙিমাৰীত জিলা বিজেপিৰ সংবাদমেল সম্বোধন

আজি দক্ষিণ শালমাৰা–মানকাচৰ জিলা বিজেপিৰ কাৰ্যালয়ত কেন্দ্ৰীয় চৰকাৰৰ বাজেটক লৈ এক সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত জিলা সভাপতি ৰঞ্জিত কুমাৰ সাহাৰ লগতে কেইবাজনো নেতা-কৰ্মী উপস্থিত থাকে।

author-image
Asomiya Pratidin
New Update
dnt delete copy

ডিজিটেস ডেস্কঃ আজি দক্ষিণ শালমাৰা–মানকাচৰ জিলা বিজেপিৰ কাৰ্যালয়ত কেন্দ্ৰীয় চৰকাৰৰ বাজেটক লৈ এক সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত জিলা সভাপতি ৰঞ্জিত কুমাৰ সাহাৰ লগতে কেইবাজনো নেতা-কৰ্মী উপস্থিত থাকে।ইপিনে জিলা বিজেপিৰ উপ সভাপতি মঞ্জিৰুল হাচানে সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় চৰকাৰৰ বাজেটক উন্নয়নমুখী,জনকল্যাণমূলক আৰু ভবিষ্যৎমুখী বুলি অভিহিত কৰে।

উল্লেখ্য যে, এই সংবাদমেলত মঞ্জিৰুল হাচানে মন্তব্য কৰি কয় যে- এই বাজেটত কৃষক, যুৱক, মহিলা, দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে বিশেষ গুৰুত্ব দিয়া হৈছে।  শিক্ষা, স্বাস্থ্য, কৃষি, গ্ৰামোন্নয়ন, পৰ্যটন আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত এই বাজেটে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। লগতে তেওঁ উল্লেখ কৰে যে-এই বাজেটে দেশৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ লগতে সকলো শ্ৰেণীৰ লোকৰ জীৱন-যাপনৰ মান উন্নত কৰিব।

হাটশিঙিমাৰী