মানকাচৰত বাল্য বিবাহৰ ওপৰত সজাগতা সভা

মানকাচৰৰ ফুলেৰচৰ গাঁও পঞ্চায়তত বাল্য বিবাহৰ ওপৰত এক সজাগতা সভা অনুষ্ঠিত।

author-image
Asomiya Pratidin
New Update
new ap web  6 (2)

ডিজিটেল সংবাদ,মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলা সমাজকল্যাণ বিভাগ আৰু জিলা আইনী সেৱা প্ৰাধিকাৰীয়ে যৌথ ভাৱে মানকাচৰৰ ফুলেৰচৰ গাঁও পঞ্চায়তত বাল্য বিবাহৰ ওপৰত এক সজাগতা সভা অনুষ্ঠিত কৰে। 

উল্লেখ্য যে এই সজাগতা সভাত জিলা সমাজ কল্যাণ বিষয়া অনুপম দাস, জিলা সহকাৰী আইনী সহায়ক মুক্তাৰুজ্জামানৰ লগতে আত্ম সহায়ক গোটৰ সদস্যা আৰু স্থানীয় সচেতন লোক উপস্থিত থাকে। 

তাৰোপৰি উপস্থিত থকা লোকসকলে বাল্য বিবাহ সম্পৰ্কে সজাগতামূলক ভাষণ প্ৰদান কৰে সাধাৰণ লোক সকলক। 

মানকাচৰ