Advertisment

মহাকুম্ভত নিৰুদ্দেশ হোৱা মঞ্জু দেৱী আগৰৱালক উদ্ধাৰ...

মহাকুম্ভৰ এই নিয়ন্ত্ৰণহীণ পৰিস্থিতিৰ মাজতে বিশ্বনাথ চাৰিআলিৰ এগৰাকী মহিলা নিৰুদ্দেশ হোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল । মঞ্জু দেৱী আগৰৱাল নামৰ এগৰাকী মহিলা মহাকুম্ভ মেলাত নিৰুদ্দেশ হোৱাৰ পাছতে পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ মহাকুম্ভ উপলক্ষে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ভিৰ কৰিছে দেশ-বিদেশৰ বহু ভক্তই । ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাকুম্ভত  ভক্তৰ লানি-নিছিগা সোঁতে জনসমূদ্ৰত পৰিণত কৰিছে সমগ্ৰ অঞ্চল ।

Advertisment

উল্লেখযোগ্য যে জনসমূদ্ৰত পৰিণত হোৱাত নিয়ন্ত্ৰণহীন পৰিস্থিতিৰো সৃষ্টি হৈছিল উক্ত অঞ্চলত । যাৰ ফলত কেইবাগৰাকীও লোকে পদপিষ্ট হৈ মৃত্যুবৰণ কৰিব লগা হৈছিল মেলাস্থলীত ।

মহাকুম্ভৰ এই নিয়ন্ত্ৰণহীণ পৰিস্থিতিৰ মাজতে বিশ্বনাথ চাৰিআলিৰ এগৰাকী মহিলা নিৰুদ্দেশ হোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল । মঞ্জু দেৱী আগৰৱাল নামৰ এগৰাকী মহিলা মহাকুম্ভ মেলাত নিৰুদ্দেশ হোৱাৰ পাছতে পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ।

উল্লেখযোগ্য যে উক্ত নিৰুদ্দিষ্ট মহিলাগৰাকীক সুকলমে উদ্ধাৰ কৰা হয় মেলাস্থলীত । মহিলাগৰাকীৰ উদ্ধাৰৰ খবৰে পৰিয়ালটোলৈ কঢ়িয়াই আনিছে এক সু-বাৰ্তা । ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাকুম্ভ মেলাৰ সামৰণি পৰিব ২৬ ফ্ৰেৱ্ৰুৱাৰীত ।
 

নিৰুদ্দেশ মহাকুম্ভ মেলা