/asomiyapratidin/media/media_files/2025/01/07/5tybW9MTkCTXTILq1j4J.jpg)
শিল্পীৰ পৰশত পুনৰ জী উঠিল ড০ মনমোহন সিং... Photograph: (ফাইল ফটো)
ডিজিটেল ডেস্কঃ যেন পুনৰ জী উঠিল দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত মনমোহন সিং। এগৰাকী শিল্পীৰ পৰশত পুনৰ প্ৰাণ পাই উঠিল প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে। পাঞ্জাৱৰ এগৰাকী শিল্পীয়ে মনমোহন সিঙৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি নিৰ্মাণ কৰি পুনৰ জীৱন্ত ৰূপ দিলে ড০ মনমোহন সিঙক।
দৰাচলতে মনমোহন সিঙৰ মৃত্যুৰ দিনাৰ পৰাই পাঞ্জাৱৰ মুগাৰ এগৰাকী শিল্পীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ এই প্ৰতিমূৰ্তিৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিছিল। শেহতীয়াকৈ এই প্ৰতিমূৰ্তিৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে। এখন চকীত বহি থকা মনমোহন সিঙৰ এই প্ৰতিমূৰ্তিয়ে এতিয়া তীব্ৰ চৰ্চা লাভ কৰিছে দেশৰ সংবাদমাধ্যমত।
মনজিত সিং নামৰ শিল্পীগৰাকীয়ে এই প্ৰতিমূৰ্তিতো স্থাপন কৰিব মুগাত নিৰ্মাণ হৈ থকা ভগত সিং পাৰ্কত। উল্লেখ কৰা প্ৰয়োজন যে, মনমোহন সিং জীৱিত থকা কালতো মনজিত সিঙে তেওঁৰ প্ৰতিমূৰ্তি উপহাৰ দিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us