গুজৰাটত প্ৰত্যেক ৪ কিলোমিটাৰত বিদ্যালয় স্থাপনৰ প্ৰতিশ্ৰুতি মনীষ চিচোদিয়াৰ...

গুজৰাটত প্ৰত্যেক ৪ কিলোমিটাৰত বিদ্যালয় স্থাপনৰ প্ৰতিশ্ৰুতি মনীষ চিচোদিয়াৰ...

ডিজিটেল ডেস্ক : সোমবাৰে চি বি আইৰ দীঘলীয়া জেৰাৰ অন্তত মঙলবাৰে আহমেদাবাদত উপস্থিত হৈ ২০২৩ বৰ্ষৰ গুজৰাট নিৰ্বাচনৰ পূৰ্বৰ প্ৰচাৰত অংশ ল'লে দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ চিচোদিয়াই । আপৰ নেতাগৰাকীয়ে দলটো শাসনলৈ আহিলে গুজৰাটৰ ৮ খন মুখ্য চহৰত প্ৰত্যেক ৪ কিলোমিটাৰত এখনকৈ বিদ্যালয় স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

এই প্ৰতিশ্ৰুতি সন্দৰ্ভত, নেতা গৰাকীয়ে দিয়া মন্তব্য অনুসৰি দিল্লীৰ শিক্ষা আৰ্হিক লৈ সন্তুষ্ট গুজৰাটৰ নাগৰিক, এতিয়া সময় গুজৰাটৰ শিক্ষা আৰ্হিৰ সংশোধনৰ । গুজৰাটৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ বৃহৎ পৰিমাণৰ মাছুকৰ বাবে অসন্তুষ্ট নাগৰিক সকল । তেনেক্ষেত্ৰত, যদি দিল্লীৰ চৰকাৰী বিদ্যালয় সমূহ উন্নত হ'ব পাৰে তেন্তে গুজৰাটৰ বিদ্যালয় সমূহো উন্নত হ'ব পাৰে ভৱিষ্যতলৈ ।

ইয়াৰ ওপৰিও, নেতা গৰাকীয়ে গুজৰাটত শাসনলৈ আহিলে দলটোৱে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰো সঘনাই মাছুল বৃদ্ধিৰ ক্ষেত্ৰতো পদক্ষেপ ল'ব বুলি জানিবলৈ দিয়ে । ইতিমধ্যেই গুজৰাটৰ বিদ্যালয় সমূহৰ জৰীপ কৰা হৈ গৈছে আৰু আগন্তুক ৫ টা বৰ্ষত বিদ্যালয় সমূহক আৰু অধিক উন্নত কৰিব পৰা যাব বুলিও জনাই নেতা গৰাকীয়ে ।

শিক্ষামন্ত্ৰী গৰাকীয়ে সংবাদ মেলৰ সন্মুখত দিয়া মন্তব্য অনুসৰি, গুজৰাটত ৪৪ লাখ শিশুৱে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত বৰ্তমান অধ্যয়ন কৰি আছে আৰু ৫৩ লাখ শিশুৱে চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি আছে । কিন্তু চৰকাৰী মাধ্যমৰ বিদ্যালয় সমূহৰ শোচনীয় অৱস্থাৰ বাবে মাছুল অত্যাধিক হোৱাৰ পাছতো সন্তানক পঢ়োৱাব লগা হৈছে অভিভাৱকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in