ছিচ’দিয়ালৈ বিজেপিৰ অফাৰ : ‘আপ এৰি বিজেপিত যোগদান কৰক, সকলো গোচৰৰ পৰা মুক্ত হ’ব’…

ছিচ’দিয়ালৈ বিজেপিৰ অফাৰ : ‘আপ এৰি বিজেপিত যোগদান কৰক, সকলো গোচৰৰ পৰা মুক্ত হ’ব’…

author-image
asomiyapratidin
New Update
ছিচ’দিয়ালৈ বিজেপিৰ অফাৰ : ‘আপ এৰি বিজেপিত যোগদান কৰক, সকলো গোচৰৰ পৰা মুক্ত হ’ব’…

ডিজিটেল ডেস্ক : দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ'দিয়াৰ বিৰুদ্ধে আপ চৰকাৰৰ পূৰ্বৰ আবকাৰী নীতিৰ সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ তদন্ত অব্যাহত আছে। যিকোনো সময়তে গ্ৰেপ্তাৰ হ'ব পাৰে উপ-মুখ্যমন্ত্ৰীগৰাকী। কিন্তু এই সকলোবোৰৰ পাছতো সোমবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে গুজৰাট ভ্ৰমণৰ বাবে যাব ছিচ'দিয়া।

Advertisment

উল্লেখ্য যে মনীষ ছিচ'দিয়ালৈ আহিল বিজেপি দলৰ পৰা এক অ'ফাৰ। আপ এৰি বিজেপিত যোগদানৰ বাবে ছিচ'দিয়ালৈ আহিল বাৰ্তা। এই কথা মনীষ ছিচ'দিয়াই নিজৰ টুইটাৰ একাউন্টত এটা পোষ্ট কৰি উল্লেখ কৰিছে। ছিচ'দিয়াই উল্লেখ কৰিছে যে বিজেপিৰ পৰা ছিচ'দিয়াক দিয়া বাৰ্তা – 'আপ এৰি বিজেপিত যোগ দিয়া। চিবিআই, ইডিৰ সকলো গোচৰৰ পৰা মুক্ত কৰি দিম।'


— Manish Sisodia (@msisodia) August 22, 2022

এই ক্ষেত্ৰত ছিচ'দিয়াই বিজেপিলৈ নিজৰ মত হিচাপে লিখি কয় যে 'মই মহাৰাণা প্ৰতাপৰ বংশৰ, মই ৰাজপুত হয়। নিজৰ মূৰ কটা গ'লেও দুৰ্নীতিৰে ভৰপূৰ মানুহৰ তলতীয়া নহও। মোৰ ওপৰত যি গোচৰ তৰা হৈছে সেই সকলোবোৰ মিছা। কোনে কি কৰে কৰক।'

bjp app