সাংবাদিক বিভূতি বৰাৰ পিতৃ মণিৰাম বৰাৰ মৃত্যু...

মৃত্যুৰ সময়ত বৰাই পত্নী, দুজন পুত্ৰসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়

author-image
Asomiya Pratidin
New Update
সাংবাদিক বিভূতি বৰাৰ পিতৃ মণিৰাম বৰাৰ মৃত্যু...

সাংবাদিক বিভূতি বৰাৰ পিতৃ মণিৰাম বৰাৰ মৃত্যু

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বঢ়মপুৰ তিনিআলি নিবাসী তথা অসম আৰক্ষীৰ কৰ্মচাৰী মণিৰাম বৰা(৫৭)ৰ মঙলবাৰে পুৱা প্ৰায় ৫.৩৫ বজাত বাৰ্ধক্যজনিত ৰোগত নিজা বাসগৃহত মৃত্যু হয় বুলি জানিব পৰা যায়। অতি সহজ-সৰল আৰু কৰ্মদ্যোমী হিচাপে সমগ্ৰ অঞ্চলটোতে পৰিচিত মণিৰাম বৰাই গুৱাহাটীত এজন জ্যেষ্ঠ আৰক্ষী জোৱান হিচাপে কৰ্মৰত আছিল।

উল্লেখ্য যে, প্ৰয়াত বৰা বঢ়মপুৰৰ সাংবাদিক বিভূতি বৰাৰ পিতৃ। পুৱাই তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বাসগৃহত বহু লোকৰ সমাগম হয়। মৃত্যুৰ সময়ত বৰাই পত্নী, দুজন পুত্ৰসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

আৰু পঢ়কঃ আৰ্থ-সামাজিক পৰিস্থিতিৰ বুজ ল'বলৈ ধুবুৰীত বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধি দল...

assam batadraba