মনিপুৰী স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীত শিলচৰত ধৰ্ণা

অসমত পাঁচশ বছৰ ধৰি বসবাস কৰা মনিপুৰী সকলক স্বায়ত্ব শাসিত পৰিষদ দিয়া হ'ব বুলি ২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লক্ষীপুৰত ৰাজহুৱাভাবে ঘোষণা কৰিছিল।

author-image
Asomiya Pratidin
New Update
ccccccccccc

ডিজিটেল সংবাদ শিলচৰ: অসমত বসবাস কৰা মেইটে আৰু পাংগাল মনিপুৰী সকলক লৈ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীত পুনৰ সৰৱ হৈছে মনিপুৰী সমাজ। মণিপুৰী অটনোমাছ কাউঞ্চিল ডিমাণ্ড কো অৰ্ডিনেছন কমিটীৰ উদ্যোগত বুধবাৰে শিলচৰ ক্লাৱ ৰোডত এক ধৰ্ণা কাৰ্যসূচী আয়োজন কৰি শীঘ্ৰে মনিপুৰী সকলৰ বাবে স্বায়ত্ব শাসিত পৰিষদ গঠনৰ বাবে চৰকাৰক দাবী জনায় সংগঠনটোৱে। 

Advertisment

শিলচৰৰ মাজ মজিয়াত হাতে হাতে প্লেকাৰ্ড লৈ তেওঁলোকৰ দাবীৰ সমৰ্থনত বিভিন্ন শ্লোগানো দি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে, অসমত পাঁচশ বছৰ ধৰি বসবাস কৰা মনিপুৰী সকলক স্বায়ত্ব শাসিত পৰিষদ দিয়া হ'ব বুলি ২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লক্ষীপুৰত ৰাজহুৱাভাবে ঘোষণা কৰিছিল।

WhatsApp Image 2025-07-10 at 6.46.00 PM

কিন্তু আজিলৈ মুখ্যমন্ত্ৰীৰ ঘোষণা কাৰ্যকৰী নোহোৱাত বৃহস্পতিবাৰে পুনৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ বাবে আন্দোলন কৰিব লগা হৈছে বুলি উল্লেখ কৰে সংগঠনটোৱে। অসমত বসবাস কৰা ১২ টা জনগোষ্ঠীক স্বায়িত্ব শাসিত পৰিষদ প্ৰদান কৰাৰ পিছত মনিপুৰী সকলকো পৰিষদ গঠন কৰি দিবলৈ চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰীয়ে।

শিলচৰ মনিপুৰ মেইটেই