মণিপুৰত বুজন সংখ্যক অবৈধ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ

মণিপুৰত বুজন সংখ্যক অবৈধ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
মণিপুৰত বুজন সংখ্যক অবৈধ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ

ডিজিটেল সংবাদ,শিলচৰঃ অশান্ত জৰ্জৰ চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে। ইম্ফল পশ্চিম, ইম্ফল পূৱ, কাকচিং আৰু কাংপোকপি জিলাৰ বিভিন্ন স্থানত অভিযান চলাই বুজন পৰিমাণৰ অস্ত্ৰশস্ত্ৰ আৰু বিষ্ফোৰক সামগ্ৰী জব্দ কৰে নিৰাপত্তা বাহিনীয়ে।

বিগত ৪৮ ঘন্টাত চলোৱা অভিযান কালত ইম্ফল পশ্চিম জিলাৰ কদংবন্দৰৰ পৰা এটা হেকলাৰ এণ্ড কোচ এছাল্ট ৰাইফল,এটা এছ এল আৰ, এটা কাৰবাইন, পইন্ট থ্ৰি টু পিষ্টল তিনিটা, এটা নাইন এম এম পিষ্টল আৰু তিনিটা চিংগল বেৰেল গান জব্দ কৰা হয়।

ইম্ফল পশ্চিম আৰু কাংপোকপি জিলাত দুটা অবৈধ বাংকাৰো ভাঙি পেলায় নিৰাপত্তা বাহিনীয়ে। সেইদৰে ইম্ফল পূৱ জিলাৰ কাৰোং গাঁৱত চলোৱা অভিযানত‌ দুটা কান্ত্ৰি মেড ৰাইফল, পাঁচটা হেণ্ড গ্ৰেনেড, চাৰিটা ডিটনেটৰ আৰু এটা ষ্টান গ্ৰেনেড জব্দ‌ কৰে।

কাকচিং জিলাৰ খোইদুম মামাং লেইকাই অঞ্চলত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে এটা পিষ্টল,৫ টা হেণ্ড গ্ৰেনেড,পাঁচটা টিউব লঞ্চিং,এটা কাৰ্বাইন আৰু মেগজিনৰ সৈতে ১০টা সতেজ গুলী জব্দ‌ কৰে।

আনহাতে,কাংপোকপি জিলাৰ পুৰণি বিজাং এলেকাৰ পৰা এটা এম এ থ্ৰি এম কে এছাল্ট ৰাইফল, এটা চেভেন পইন্ট ছিক্স টু এম এম- এচ এল আৰ ৰাইফল,১০টা সতেজ গুলী জব্জ কৰে নিৰাপত্তা বাহিনীয়ে।

Also Read: টি-২০ বিশ্বকাপঃ সৰ্বশক্তি উজাৰি অষ্ট্ৰেলিয়াক দমন টীম ইণ্ডিয়াৰ

manipur manipur weapon seized